October 21, 2026 6:46 PM

views 1

দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন

দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৫৯ চনৰ এই দিনটোতে ভাৰত-চীন সীমান্তত টহল দি থকা অৱস্থাত সশস্ত্র চীনা সেনাৰ অতর্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১০ জন বীৰ জোৱান শ্বহীদ হৈছিল। তেতিয়াৰে পৰাই ২১ অক্টোবৰ দিনটো প্ৰতিবছৰে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়৷ দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটীৰ কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথ...

October 20, 2026 6:53 PM

views 6

বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে ২০৪ বছৰৰ পাছত বঙাইগাঁও জিলাত আৰ্ডিছিয়া ক’ল’ৰাটা নামৰ এবিধ বিৰল প্ৰজাতিৰ গুল্মজাতীয় উদ্ভিদ পুনৰ আৱিষ্কাৰ কৰিছে। অভয়াপুৰী অঞ্চলত কৰা এই আৱিষ্কাৰৰ ফলত ২০০ বছৰৰো অধিক সময়ৰ পাছত দেশত এই প্রজাতিবিধৰ উপস্থিতি নিশ্চিত হৈছে। ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সমগ্ৰ অসমত কৰা জৰীপৰ সময়ত এই প্রজাতিবিধৰ আৱিষ্কাৰ হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক মানস বৰু...

October 20, 2026 6:22 PM

views 8

কাৰ্বি জনগোষ্ঠীৰ ৩৪ সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱৰ আজি সামৰণি

বিশ্বনাথ জিলাৰ বিহালীত দেওবাৰৰ পৰা অনুষ্ঠিত কাৰ্বি জনগোষ্ঠীৰ ৩৪ সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। ১৯৭৪ চনৰ পৰাই কাৰ্বি সাংস্কৃতিক সমাজে এই উৎসৱৰ আয়োজন কৰি আহিছে। এই উপলক্ষে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি, ভাষা, সাজ-পাৰ, খাদ্য, পৰম্পৰাগত খেল-ধেমালি, সংৰক্ষণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে ভালেমান কাৰ্যসূচী লোৱা হৈছে। তদুপৰি থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী, পৰম্পৰাগত নৃত্য আৰু থলুৱা খেল ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

October 20, 2026 5:52 PM

views 3

ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ যাত্ৰাত অচিৰেই জাহাজ নির্মাণ উদ্যোগৰ সংযোজন হ’বঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ যাত্ৰা অচিৰেই জাহাজ নির্মাণ উদ্যোগৰ সংযোজন হ'ব। ধাৰাপুৰত ৪৭৫ কোটি টকাৰ বিনিয়োগেৰে এটা জাহাজ নির্মাণ কেন্দ্ৰ স্থাপন কৰা হ'ব। এই কেন্দ্ৰই জাহাজ, জলযান, মালবাহী নাও আৰু সামুদ্রিক গাথনিৰ আৰ্হি প্ৰস্তুত কৰাৰ পৰা নিৰ্মাণ, সংযোজন আৰু কাৰ্যক্ষম কৰালৈকে বিভিন্ন কামৰ নতুন সম্ভাৱনা মুকলি কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰি কয় যে উদ্যোগৰ এই নতুন ক্ষেত্ৰই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনক শক্তিশালী উদ্যোগ...

October 20, 2026 5:01 PM

views 3

মিজোৰামৰ লিভিং মিউজিয়াম প্রত্যক্ষভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান

মিজোৰামৰ ফাল্কানৰ জোখোৱাত অৱস্থিত মিজো গ্রাম্য সমাজক আধাৰ কৰি স্থাপন কৰা লিভিং মিউজিয়াম বা জীৱন্ত সংগ্ৰহালয়ত দৰ্শনাৰ্থীসকলক পৰম্পৰাগত মিজো ৰীতি-নীতি আৰু জীৱন ধাৰণৰ পদ্ধতি প্রত্যক্ষভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। সেয়ে সংগ্ৰহালয়টো মুকলি কৰা দিনৰে পৰা যথেষ্ট সংখ্যক দৰ্শকৰ সঁহাৰি লাভ কৰিছে। কলা আৰু সংস্কৃতি বিভাগে স্থাপন কৰা এই মিজো টিপিকেল ভিলেজৰ লক্ষ্য হৈছে নৱ প্ৰজন্মক তেওঁলোকৰ পূৰ্ব পুৰুষৰ জীৱন আৰু পৰম্পৰাৰ ব্যৱহাৰিক আভাস দিয়া। ইয়াৰ উপৰিও স্কুলীয়া শিক্ষাৰ্থীৰ বাবে এই সংগ্রহালয়ে শৈক...

October 20, 2026 4:56 PM

views 1

আজি বিশ্ব অষ্টিঅ’পৰ’চিছ দিৱস

আজি বিশ্ব অষ্টিঅ’পৰ’চিছ দিৱস৷ হাড়ৰ স্বাস্থ্য সুৰক্ষিত ৰখা সন্দৰ্ভত জন সচেতনতা বৃদ্ধি আৰু সময়মতে প্ৰতিৰোধ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে ২০ অক্টোবৰৰ দিনটোত বিশ্ব অষ্টিঅ’পৰ’চিছ দিৱস পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে – Build, Protect, Strengthen your Bones for life অৰ্থাৎ জীৱনৰ বাবে আপোনাৰ হাড়সমূহ গঢ়ি তোলক, সুৰক্ষিত ৰাখক আৰু শক্তিশালী কৰক। সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামৰ জৰিয়তে হাড় শক্তিশালী কৰি গঢ়ি তুলিব পাৰি। সৱল আৰু ৰোগমুক্ত দেহৰ বাবে শক্তিশালী হাড়ৰ প্ৰয়োজনীয়তা সন...

October 20, 2026 4:50 PM

views 3

তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সাক্ষাৎ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডুচানবেত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰৰ প্ৰধানসকলৰ বৈঠকৰ সমান্তৰালভাৱে আজি তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্রী শ্রী সিঙে কয়, যে এই বৈঠকত ভাৰত আৰু তাজিকিস্তানৰ মাজত থকা দীর্ঘদিনীয়া সম্পৰ্কত আলোকপাত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ইৰানৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আফিকো সাক্ষাৎ কৰে। উল্লেখযোগ্য যে ডুশ্বানবেত কালিৰেপৰা অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ পঞ্চবিংশ ...

October 20, 2026 4:42 PM

views 3

পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছেঃ ড০ মোহন ভগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান ড০ মোহন ভগৱতে আজি কয়, যে পশ্চিমৰ পৰা অহা এটা টোৱে ভাৰতৰ শালিনতা, সৌজন্যবোধ, সংস্কৃতি আৰু মানৱীয় মূল্যবোধক ধংস কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, যে তথাকথিত উন্নত দেশসমূহেও এই ঢৌৰ প্ৰভাবৰ সন্মুখীন হৈছে আৰু অসহায় অনুভৱ কৰিছে। আজি পুৱা নাগপুৰৰ ৰেচিমবাগ খেলপথাৰত আৰ এছ এছৰ বাৰ্ষিক বিজয় দশমী উৎসৱৰ কাৰ্যসূচীত ভাষণ দি ড০ ভগৱতে কয়, যে দেশখনক ধংস কৰিবলৈ চেষ্টা কৰা শক্তিসমূহে পৰিকল্পিত কৌশলেৰে কাম কৰি আছে। তেওঁ সতৰ্ক কৰি দি কয়, যে শাসন পৰিৱৰ্তনৰ বাবে কৰা আন্দোলনে মৌলিক ...

October 19, 2026 3:51 PM

views 3

বলীউদৰ অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ

মুম্বাই আৰক্ষীয়ে বলীউদৰ অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে আজি আৰক্ষীয়ে অভিনেতাগৰাকীৰ বাহনলৈ গুলীচালনা কৰা তিনিজন লোকৰ বিৰুদ্ধে হত্যাৰ প্ৰয়াসৰ গোচৰ ৰুজু কৰিছিল। আৰক্ষী বিষয়াই জনোৱা মতে প্ৰাৰম্ভিক অৱস্থাত এই সংক্ৰান্তত জুহু আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছিল যদিও গম্ভীৰ অপৰাধৰ প্ৰতি লক্ষ্য গোচৰটো মুম্বাই অপৰাধ শাখালৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে কালি সন্ধিয়া মুম্বাইৰ জুহু অঞ্চলত অভিনেতাগৰাকীৰ গাড়ীলৈ অচিনাক্ত দুৰ্বৃত্তই...

October 19, 2026 3:47 PM

views 16

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী

শাৰদীয় দুর্গোৎসৱৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। আজি পুৱাতেই মহাষ্টমীৰ পূজা সম্পন্ন হোৱাৰ বাবে পূজা মণ্ডপসমূহত নিচেই পুৱাৰেপৰা অগণন ভক্তৰ সমাগম হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাষ্টমী আৰু মহা নৱমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দেৱীৰ মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰূপে দেশৰ জনসাধাৰণৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব বুলি তেওঁ কামনা কৰে। অসমৰ প্ৰতিখন পূজাথলীতে পৱিত্ৰ মন্ত্রপাঠ, আৰতি, ধূপ-দীপ আৰু মংগলধবনিৰে মনোমোহা পৰিৱেশৰ সৃষ্টি হৈছে।...