September 29, 2026 5:18 PM

views 16

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস। অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেৱেন্দ্ৰ নাথ আচাৰ্যই কেইবাখনো উপন্যাস ৰচনা কৰিছিল। তেওঁৰ অন্য যুগ, অন্য পুৰুষ, কালপুৰুষ, জংগম আদি উল্লেখযোগ্য উপন্যাস। ১৯৭৯ চনত কালপুৰুষ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু ১৯৮৪ চনত জংগম উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ ১৯৮১ চনৰ আজিৰ দিনটোতেই মাথো ৪৪ বছৰ বয়সত মৃত্যু হয়। কৃষিমন্ত্রী পীযুষ হাজৰিকাই সাহিত্যিকগৰাকীৰ স্মৃতি দিৱসত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে...

September 29, 2026 5:16 PM

views 15

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনাৰ পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দ...

September 29, 2026 5:09 PM

views 3

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ ১০ খন জিলাত ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে। তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ হাব...

September 29, 2026 4:57 PM

views 2

ভাৰত-চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউৱৰ্কত এছীয় সমাজে আয়োজন কৰা এটা অনুষ্ঠানত দিয়া ভাষণত ড০ জয়শংকৰে কয় যে সীমান্ত সম্পৰ্কীয় বিষয় নিষ্পত্তি হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক উন্নত হবলৈ ধৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি আৰু দীৰ্ঘদিনীয়া বিবাদে অচলাৱস্থা কোনো ৰাষ্ট্ৰৰ হিতৰ হকে কাম নকৰে। ভাৰত আমেৰিকাৰ সম্পৰ্ক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়ো দেশে এই চুক্তি সন্দৰ্ভত ...

September 29, 2026 4:51 PM

views 4

ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছেঃ কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰূটছ এছিয়া ২০২৭ শীৰ্ষক অনুষ্ঠান উপলক্ষে এখন সংবাদমেলত শ্রীনাইডুৱে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিমান যাত্ৰীৰ সংখ্যা বৰ্তমানৰ ২৪ কোটিৰ পৰা প্ৰায় ৬ গুণ বৃদ্ধি কৰি ২০৪৭ চনত ১৩০ কোটি কৰাৰ বাবে লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত কাৰ্যক্ষম বিমান ব...

September 29, 2026 4:43 PM

views 6

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ ১৩৮ সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে। উল্লেখযোগ্য যে বনাঞ্চলখনত মানুহৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ ফলস্বৰূপে ইয়াৰ পৰা হাতীবোৰ ক্ৰমান্বয়ে আঁতৰি গৈছিল বুলি উল্লেখ কৰি ৩ বছৰ পূৰ্বে বনভূমিখন দখলমুক্ত কৰাৰ পাছত হাতীৰ জাকবোৰ উভতি আহিছে বুলি প্ৰধানমন্ত্রীয়ে শেহ...

September 29, 2026 3:39 PM

views 1

এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত

জাপানৰ আইচি নাগ’য়াত চলি থকা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। পুৰুষৰ জেভলিনত কালি য়ছবীৰ সিঙে ৮৫.৭২ মিটাৰেৰে ৰূপৰ আৰু ৰোহিত যাদৱে ৮৪.৩৫ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ লং জাম্পত শ্ৰীশংকৰ মুৰুলীয়ে ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীট গুলবীৰ সিঙে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্রতিযোগিতাত তেওঁ দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ ১০ হাজাৰ মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । ইপিনে, মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ব...

September 26, 2026 9:26 PM

views 8

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিৰ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অর্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিচাংগা চাংটেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সভাই ২০২৬ চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ...

September 26, 2026 9:05 PM

views 13

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰ...

September 26, 2026 5:45 PM

views 19

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে শিলচৰত উপস্থিত জার্মানী বিশেজ্ঞৰ দল

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জার্মান আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্রতিষ্ঠান জি এফ এ কনসালটিং গ্ৰুপৰ এটা বিশেজ্ঞৰ দল শিলচৰত উপস্থিত হৈছে। জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদ তথা অভিযন্তা জন ছাছৰ নেতৃত্বত আজি দলটোৱে শিলচৰৰ তাৰাপুৰ শিৱবাৰী পথৰ গাতে লাগি থকা খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় প্রশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে স্থানীয় বা...