October 19, 2026 3:43 PM

views 4

অসমৰ ৬ গৰাকী যুৱ প্ৰজন্মৰ শিল্পীকে ধৰি দেশৰ ১০৬ গৰাকী শিল্পীক ২০২৪-২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান

অসমৰ ৬ গৰাকী যুৱ প্ৰজন্মৰ শিল্পীকে ধৰি দেশৰ ১০৬ গৰাকী শিল্পীক আজি ২০২৪-২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনৰ মেঘদূত থিয়েটাৰ কমপ্লেক্সত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে এই সন্মান প্ৰদান কৰে। অসমৰ পৰা সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰাক ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰদান কৰা হয়। ২০২৫ বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শ‍ই...

October 19, 2026 3:35 PM

views 4

চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত দেশক প্রতিনিধিত্বৰ উদ্দেশ্যে তাজিকিস্তানলৈ ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ডুশ্বানবেত আজিৰে পৰা হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৫ সংখ্যক বৈঠকত দেশক প্রতিনিধিত্ব কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তাজিকিস্তানলৈ ৰাওনা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীসিঙে কয়, যে এই দুদিনীয়া বৈঠকত চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিত্তীয় আৰু প্ৰতিষ্ঠানিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা উপৰি সংস্কৃতি, অর্থনীতি, বিনিয়োগ, যোগাযোগ, উদ্ভাৱন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্...

October 13, 2026 3:09 PM

views 18

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তক জামিন লাভ কৰাৰ পাছত কাৰাগাৰৰ পৰা মুকলি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তই উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাৰ পাছত আজি পুৱা কাৰাগাৰৰ পৰা মুকলি হয়। হাফলং কাৰাগাৰৰ পৰা পুৱা প্ৰায় ৬.৩০ বজাত অভিযুক্তগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে। উল্লেখযোগ্য যে, যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অমৃতপ্রভা মহন্তৰ জামিন মঞ্জুৰ কৰিছিল। বিচাৰপীঠে কেইবাটাও চৰ্ত আৰোপ কৰাৰ লগতে দুজন জামিনদাৰ আৰু ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰে। ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ...

October 13, 2026 3:00 PM

views 7

শ্ৰীৰামপুৰ গেটত প্ৰায় ৫ কোটি টকাৰ সন্দেহযুক্ত অ’পিএম ড্ৰাগছ জব্দ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত আজি আৰক্ষীয়ে এখন বলেৰ’ গাড়ীৰ পৰা প্ৰায় ৫ কোটি টকাৰ সন্দেহযুক্ত অ'পিএম (অপিয়াম পপি মেটেৰিয়েল) ড্ৰাগছ জব্দ কৰে। শ্ৰীৰামপুৰ আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীব সন্দিকৈৰ নেতৃত্বত চলোৱা অভিযানত এই সামগ্ৰীখিনি জব্দ কৰা হয়। লগতে সামগ্রী কঢ়িয়াই নিয়া বাহনখনৰ চালক জগদীশ কুমাৰকো আৰক্ষীয়ে আটক কৰে। খবৰ অনুসৰি মণিপুৰৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা বাহনখনৰ ভিতৰত লুকুৱাই ৰখা সন্দেহযুক্ত নিষিদ্ধ সামগ্রী কঢ়িয়াই নিয়াৰ অভিযোগ...

October 13, 2026 3:00 PM

views 21

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উৎসৱৰ জৰিয়তে জিলাখনৰ ঐতিহ্য আৰু গৌৰৱময় পৰিচয়ক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে নাগৰিকৰ দায়বদ্ধতা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্রহণ বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। আজি পুৱা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্ত সৃষ্টি সিং, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড০ নীলাক্ষি বৈশ্য, সহকাৰী আয়ুক্...

October 13, 2026 2:49 PM

views 11

বিমষ্টেকৰ গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত

বহুখণ্ডীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে প্ৰথমখন বে অফ বেংগল ইনিচিয়েটিভ, বিমষ্টেকৰ গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হৈছে। ভাৰতে আয়োজন কৰা এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে এই বৈঠকৰ জৰিয়তে সন্ত্রাসবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, নিচাযুক্ত দ্ৰব্যৰ উগ্রবাদ আৰু সৰবৰাহৰ, অবৈধ বিত্তীয় প্রবাহ, আৰু চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উমৈহতীয়া সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰসমূহে নির্ণায়ক সমন্বয়ৰ মাধ্যমেৰে অধিক সুৰক্ষিত, শক...

October 13, 2026 2:46 PM

views 16

কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছে। নতুন দিল্লীত অনুষ্ঠিত ব্লুমবার্গ নিউ ইকনমি ফ'ৰামত ভাষণ দি মোদীয়ে কয় যে ভাৰতৰ অগ্ৰগতি সমগ্ৰিক বিকাশ আৰু ভাগ-বতৰা কৰা সুযোগৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কয়, ক্ষমতা কেৱল আগবাঢ়ি যোৱাৰ সামৰ্থই নহয়, ই আনক শক্তিশালী কৰাৰো সামৰ্থ্য আছে। তেওঁ কয় যে বর্তমান যুগত ডিজিটেল শক্তি এই ৰূপান্তৰৰ অন্যতম মূল চালিকা হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন...

October 13, 2026 2:45 PM

views 16

বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আহ্বান

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বেংকসমূহক উত্তৰ-পূবৰ উন্নয়নৰ বাবে দূৰণীবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ বেংক বিষয়াৰ তৃতীয় অভিৱৰ্তনত দিয়া ভাষণত শ্রীসিন্ধিয়াই কয় যে দেশৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ উত্তৰ- পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে অঞ্চলটোৰ স্থানীয় লোকসকলৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ তেওঁ বেংকসমূহক আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ...

October 13, 2026 2:32 PM

views 16

দুদিনীয়া ভ্রমণসূচীলৈ আজি নতুন দিল্লীলৈ আহিব কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ দুদিনীয়া ভ্রমণসূচীলৈ আজি নতুন দিল্লীলৈ আহিব। এই ভ্রমণকালত তেঁও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লগতে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীক সাক্ষাৎ কৰিব। ভাৰতত নিয়োজিত কানাডাৰ উচ্চায়ুক্ত খ্রিষ্টফাৰ কুটাৰে কয়, যে কানাডাই ভাৰতৰ সৈতে প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ লগতে বিনিয়োগ বৃদ্ধি আৰু দুয়োদেশৰ জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধিৰ বিষয়টোত গুৰুত্ব দিব। তেওঁ কয়, যে দুয়োখন দেশৰ মাজত পর্যটনেও বিকাশৰ পথত গুৰুত্বপূৰ্ণ ভূমিকা লব পাৰে।

October 13, 2026 2:30 PM

views 12

নেপালত পুনৰ ভয়াবহ বানঃ ১০০ৰো অধিক বিদেশী ভ্ৰমণকাৰী বিভিন্ন স্থানত আবদ্ধ

পুনৰ ভয়াবহ বানৰ কবলত পৰা পাৰ্বত্য দেশ নেপালত এশৰো অধিক বিদেশী ভ্ৰমণকাৰী বিভিন্ন স্থানত আবদ্ধ হৈ আছে। প্রশাসনে ১২ গৰাকী বিদেশীকে ধৰি ৩২১ গৰাকী লোকক উদ্ধাৰ কৰিছে। কাঠমাণ্ডুৰ পৰা প্ৰায় এশ কিলোমিটাৰ পশ্চিমে গোর্খা জিলাত হোৱা ভয়ংকৰ ভূমিস্খলনত বোধি গণ্ডকি নদীৰ পানী আৱদ্ধ হৈ পৰাৰ পাছতে নামনি অঞ্চল বানৰ কবলত পৰে। দেশখনৰ সেনাবাহিনীয়ে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান কাইলৈ অব্যাহত থাকিব।