নেপালৰ আপাৰ ডলপা অঞ্চলত প্ৰবল হিমবাহৰ বাবে আৱদ্ধ হৈ পৰা ৬গৰাকী ভাৰতীয় পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰি ডুনাইলৈ লৈ অনা হৈছে।
ডলপা জিলা প্ৰশাসনৰ কাৰ্যালয়ে জনোৱা মতে আটাইকেইগৰাকী পৰ্যটক স্বাভাৱিক অৱস্থাত আছে। উদ্ধাৰকাৰী বাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত পর্যটকসকলক ডুনাইলৈ আনে।
ট্রেকিঙৰ বাবে যোৱা পৰ্যটককেইজন প্রবল হিমবাহৰ বাবে ডানিগাড় অঞ্চলত আৱদ্ধ হৈ পৰে আৰু আগলৈ যাত্ৰা কৰাত ব্যৰ্থ হয়। জিলা প্ৰশাসন আৰু নিৰাপত্তা সংস্থাৰ নিৰন্তৰ সহযোগিতাত হিমালয়ৰ অতি ভিতৰুৱা অংশৰ পৰা পৰ্যটককেইজনক নিৰাপদে উদ্ধাৰ কৰা হয়৷