September 24, 2026 1:11 PM

views 12

এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ভাৰতৰ ৰ’ছিবীনা দেৱীৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ'ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডাব্‌লছত ...

September 22, 2026 8:50 PM

views 13

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্র, বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকর্ষতাক প্রতিফলিত কৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে। ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অনন্ত নাগক পাঁচ দশক ধৰি চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে শ্রীবৈষ্ণৱে শলাগ লয়। তেওঁ কয় যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ পৰ...

September 22, 2026 8:37 PM

views 7

সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিবঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি পেট্ৰ'লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্রধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহঅধ্যক্ষতা কৰে। তৈল খণ্ডৰ বজাৰ স্থিৰতা, শক্তি সুৰক্ষা আৰু সমগ্ৰ তৈল উদ্যোগত পর্যাপ্ত আৰু সময়োপযোগী বিনিয়োগৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। আন্তর্জাতিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু শক্তিৰ চাহিদা বৃদ্ধিৰ ...

September 22, 2026 8:23 PM

views 9

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিম বংগতো গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফল পুনর্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।

September 22, 2026 8:11 PM

views 17

বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তুষ্টি প্ৰকাশ

বিশ্ব গঁড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গঁড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেঁও কয় যে ৰাজ্যত গঁড় হত্যাৰ সংখ্যা শূন্য লৈ অৱনমিত কৰাৰ লগতে গঁড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণৰ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদর্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিবেশতন্ত্র অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে। বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা দিয...

September 22, 2026 7:28 PM

views 10

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদানঃ যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ৷ অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ২০২৪ বৰ্ষৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প...

September 22, 2026 6:38 PM

views 13

মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী অজন্তা নেওগৰ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক

হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ...

September 22, 2026 4:40 PM

views 15

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু...

September 22, 2026 4:05 PM

views 17

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কালি অনুষ্ঠিত অধিবেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে পোলেও, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলেও এই বৈঠকত অংশ গ্ৰহণ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। ভাৰত আৰু V4 গোটৰ মাজত সংযোগ শক্তিশালী কৰা সন্দৰ্ভত মন্ত্ৰীসকলে মত বিনিময় কৰে। এই দেশসমূহ নেতৃবৃন্দই ভাৰতৰ সৈতে থকা নিজ দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পর্ক স্বীকাৰ কৰাৰ লগতে V4 প্লাচ ভাৰত ফৰমেট...

September 22, 2026 3:53 PM

views 8

পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰেঃ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীৰাধাকৃষ্ণণে পানীৰ সঠিক ব্যৱহাৰ আৰু জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। জল সপ্তাহক পানী ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান সম্পৰ্কে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে। তেওঁ কয় যে জল ব্যৱস্থাপনাৰ বাবে অধিক সহযোগিতা আৰু সমন্বিত দৃষ্টিভংগীৰ আৱশ্যকতা আছে। তেওঁ লগতে প...