দেশজুৰি আজি চৰ্দাৰ বল্লবভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে। ভাৰতৰ লৌহ মানৱৰূপে পৰিচিত চৰ্দাৰ বল্লবভাই পেটেলে দেশৰ প্ৰথমগৰাকী উপ প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৫৬০ খনতকৈও সৰু সৰু দেশীয় ৰাজ্য একগোট কৰি শক্তিশালী ভাৰত নিৰ্মাণৰ যাত্ৰাত মহান স্বাধীনতা সংগ্ৰামীগৰাকীয়ে তাৎপর্যপূর্ণ অৰিহণা যোগাইছিল। ৰাষ্ট্ৰীয় একতা আৰু ৰাজনৈতিক সংহতিৰ অর্থে চৰ্দাৰ বল্লবভাই পেটেলে আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি অহা হৈছে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে লৌহ মানৱ চৰ্দাৰ পেটেলৰ জয়ন্তীত শ্রদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাত কয়, যে চৰ্দাৰ পেটেলে এখন শক্তিশালী, সমৃদ্ধ আৰু সামৰ্থ্যবান দেশ নিৰ্মাণৰ বাবে জীৱন উচৰ্গা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত একতাৰ দৌৰৰ শুভাৰম্ভ কৰে।
চৰ্দাৰ পেটেলৰ আদৰ্শ আৰু ঐতিহ্যক স্মৰণ কৰাৰ উদ্দেশ্যে আজি বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানত একতাৰ প্ৰতিজ্ঞা, সাংস্কৃতিক অনুষ্ঠান আৰু সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাষ্ট্ৰীয় সংহতি, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে আজি একতাৰ দৌৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছে।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বিষয়া কৰ্মচাৰীসকলে শপত গ্রহণ কৰে। উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰাঙ্গনত আয়োজিত এটা অনুষ্ঠানত উপ মহা পৰিদৰ্শক প্ৰণৱ গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ডিব্ৰুগড়তো জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নেতৃত্বত জিলা প্ৰশাসনৰ সমূহ বিষয়া কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰি দেশৰ ঐক্য, অখণ্ডতা আৰু সুৰক্ষা অক্ষুন্ন ৰখাৰ লগতে ৰাষ্ট্ৰীয় সংহতিৰ আদৰ্শ মানি চলিবলৈ সংকল্প গ্ৰহণ কৰে।
যোৰহাট জিলাত জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত জিলা আয়ুক্ত জয় শিৱানিৰ উপস্থিতিত একতা দিৱস পালন কৰা হয়। মৰিগাওঁ জিলাতো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উদ্যোগত একতা দিৱস উপলক্ষে আজি বর্ণাঢ্য পদযাত্রা উলিওৱা হয়। দেশৰ একতা, অখণ্ডতা, সংহতি আৰু শান্তিৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই পদযাত্ৰাত আৰক্ষী বিষয়া,কৰ্মচাৰী আৰু সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলে অংশগ্রহণ কৰে। কামৰূপ জিলাত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰ্দাৰ পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰা হয়।
শ্ৰীভূমি জিলাৰ আৰক্ষীৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাকে ধৰি আন আন বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাছাৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগতো আজি একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ঐতিহ্যমণ্ডিত ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উদযাপনৰ অংশ হিচাপে শোভাযাত্ৰা উলিওৱা হয়।
চৰ্দাৰ পেটেলৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰদান কৰা চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা আকাশবাণীয়ে আজি নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব৷
উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা পেটেলৰ সন্মানার্থে আকাশবাণীয়ে ১৯৫৫ চনৰে পৰা চৰ্দাৰ পেটেল স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে।