November 11, 2025 6:44 PM

views 49

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা ৯ বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাঙ্গনৰ পৰা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰায় ডেৰ হাজাৰ লোকে পদযাত্ৰাত অংশগ্ৰহণ কৰে ৷ [caption id="attachment_1299713" align="alignnone" width="580"] তিনিচুকীয়া চহৰ...

October 28, 2024 11:41 AM

views 36

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীত আয়োজিত ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ’ব

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই কথা ঘোষণা কৰি কয় যে এইবাৰ ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জন্মবার্ষিকী দীপাৱলী উৎসৱৰ সৈতে একে সময়তে হোৱাৰ বাবে একতাৰ দৌৰ কাইলৈ আয়োজন কৰা হৈছে। প্রধানমন্ত্রীয়ে দেশবাসীক দলে-বলে ওলাই আহি এই দৌৰত অংশগ্ৰহণ কৰি দেশৰ ঐক্যৰ মন্ত্ৰৰ লগতে সুস্বাস্থ্যৰ মন্ত্ৰক সকলোৰে মাজত বিয়পাই দিবলৈ আহ্বান জনায়। অৱশ্যে লৌহ মানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাষ্ট্ৰ...