উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱ স্নাতকসকলক গান্ধীবাদী মূল্যবোধ ৰক্ষা কৰিবলৈ আৰু নিজৰ জ্ঞান, দক্ষতা ভাৰতৰ গ্ৰাম্য উন্নয়নৰ বাবে উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে।
তামিলনাডুৰ দিন্দিগুল জিলাৰ গান্ধীগ্রাম গ্রাম্য প্ৰতিষ্ঠানৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষা কেৱল ডিগ্রী লাভ বা কর্মসংস্থাপন লাভৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি অর্থপূর্ণ অৱদান আগবঢ়োৱাৰ এক মাধ্যম হিচাপে মানৱ সম্পদ গঢ় দিয়াৰ চেষ্টা কৰ উচিত।
তেওঁ লগতে স্নাতকসকলক সম্পদৰ অপব্যৱহাৰ আৰু ক্ষতিকাৰক নিচাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। এদিনীয়া ভ্রমণসূচীৰে তামিলনাডুৰ মাডুৰাইত উপস্থিত হৈ ৰামনাথপুৰম জিলাৰ পাচুম্পনলৈ ৰাওনা হয়। তাত তেওঁ ১১৯ সংখ্যক থেভাৰ জয়ন্তী মথুৰাম লিংগ থেভাৰৰ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জনায়। উল্লেখযোগ্য যে আজি সন্ধিয়া দিল্লীলৈ ওভতাৰ প্ৰাকমুহুৰ্তত উপৰাষ্ট্ৰপতিগৰাকীয়ে মাডুৰাইৰ মীনাক্ষী আম্মান মন্দিৰ পৰিদৰ্শন কৰিব।