October 10, 2026 5:43 PM

views 15

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ’ব

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষার্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰ...

October 10, 2026 5:40 PM

views 11

ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটড'ৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কৰে। পেভিলিয়নটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই নতুন আন্তঃগাথনিয়ে ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে উন্নত পৰিবেশ প্ৰদান কৰিব। এই পেভিলিয়ন নিৰ্মাণৰ বাবে অইল ইণ্ডিয়া লিমিটেডে কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অধীনত ২৪ লাখ ৪৫ হাজাৰ টকা আগবঢ়াইছে। অনুষ্ঠানত বিধায়ক তথা অ...

October 10, 2026 5:38 PM

views 2

বালাকোট বিমান আক্ৰমণৰ সময়ত বায়ুসেনা লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰা এটা প্ৰৱন্ধ খণ্ডন চৰকাৰৰ

চৰকাৰে বালাকোট বিমান আক্ৰমণৰ সময়ত বায়ুসেনা লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰা এটা প্ৰৱন্ধ খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰা মতে প্ৰৱন্ধটোত অভিযানৰ প্ৰকৃতি আৰু ৰূপায়ণৰ বিষয় দুটা ভুলকৈ দেখুওৱা হৈছে। প্ৰৱন্ধটোত তথ্য বিকৃত কৰি বিভ্ৰান্তিকৰ ব্যাখ্যা আগবঢ়োৱা হৈছে বুলিও তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে। পৰীক্ষণ গোটে বালাকোটৰ বিমান আক্রমণক নির্দিষ্ট সন্ত্রাসবাদী ঘাটিক লক্ষ্য কৰি চলোৱা সু-পৰিকল্পিত অভিযান বুলিও অভিহিত কৰিছে। এই অভিযানত বায়ু সেনা বাহিনীৰ নিখুঁতভাৱে আক্র...

October 10, 2026 5:38 PM

views 10

কাইলৈ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইণ্ডোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰাত সম্প্রতি পাঁচখনীয়া শৃংখলাটোত ১-১ৰ সমতা স্থাপন হয়। ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা বলত ২৫২ ৰান কৰি ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ২৫০ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে ৪৫ টা বলত ১০২ ৰান কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফ'ৰ্ডে ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। ছাই হোপক প্লেয়াৰ অব দ্যা মে...

October 10, 2026 5:35 PM

views 5

সোমবাৰে আহমেদাবাদত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই অহা সোমবাৰে আহমেদাবাদত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া প্ৰদৰ্শনী ২০২৬ উদ্বোধন কৰিব। ভাৰতৰ ব্ৰীকচৰ অধ্যক্ষতাত গুজৰাট চৰকাৰৰ সহযোগত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই গেমছত ব্ৰীকচৰ সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ দেশসমূহে নিজ নিজ পৰম্পৰাগত আৰু থলুৱা ক্রীড়া পদ্ধতিসমূহ প্ৰদৰ্শন কৰিব। মন্ত্ৰালয়ে জনোৱা মতে, এই প্ৰদৰ্শনীয়ে ক্রীড়াৰ জৰিয়তে সাংস্কৃতিক বিনিময়, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজ...

October 10, 2026 5:28 PM

views 14

আজি মহালয়া

আজি মহালয়া। এই উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পার্বন আদি অনুষ্ঠিত হয়। আহিন মাহৰ অমাৱশ্যা তিথিত দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা আৰম্ভ হোৱা মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃ পক্ষৰ সমাপ্তি ঘটি দেৱী পক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুর্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হ'ব। এইবাৰ দেৱীৰ ঘোঁৰাত আগমন হৈছে আৰু নৌকাত গমন কৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। ...

October 10, 2026 5:27 PM

views 5

বিশ্ব মানসিক স্বাস্থ্য দিৱসত সুলভ আৰু জনসাধাৰণকেন্দ্ৰিক মানসিক স্বাস্থ্য সেৱাৰ প্ৰতি দায়বদ্ধতাৰ কথা প্ৰকাশ জে পি নাড্ডাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই বিশ্ব মানসিক স্বাস্থ্য দিৱসত আজি সুলভ আৰু জনসাধাৰণকেন্দ্ৰিক মানসিক স্বাস্থ্য সেৱাৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্যক্ষম হৈ থকা ৫৩টা টেলী- -মানস চেল আৰু ৪৮ লাখৰো অধিক ফোন-কল লাভৰ জৰিয়তে অধিক লোকক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমর্থন যোগোৱা হৈছে। শ্ৰীনাড্ডাই কয় যে মন জাগৃতি শীর্ষক পদক্ষেপে মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধি ক...

October 10, 2026 5:27 PM

views 3

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতি ১০ অক্টোবৰত এই দিৱস পালন কৰা হয়। WORLD FEDARATION FOR MENTAL HEALTH ৰ উদ্যোগত ১৯৯২ চনত প্ৰথমবাৰলৈ এই দিৱস পালন কৰা হৈছিল। ডেৰশতকৈও অধিক দেশত ইয়াৰ শাখা থকা WORLD FEDARATION FOR MENTAL HEALTH হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় এটা বিশ্বমানৰ সংগঠন। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছে – Lived experiences heard:...

October 10, 2026 5:07 PM

views 7

নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে নামকৰণৰ সিদ্ধান্ত উত্তৰ প্ৰদেশ চৰকাৰৰক

উত্তৰ প্ৰদেশ চৰকাৰে নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী যোগী আদিত্য নাথে অধ্যক্ষতা কৰা ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়৷ মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নামত বিমান বন্দৰৰ নামকৰণ কৰা সন্দৰ্ভত মন্ত্রীসভাই গ্ৰহণ কৰা সিদ্ধান্তত কৃতজ্ঞতা প্রকাশ কৰি কয়, যে এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি উত্তৰ প্ৰ...

October 10, 2026 5:04 PM

views 5

বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছেঃ নীতিন নবীন

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে আৰু বিদেশী শক্তিৰ নিৰ্দেশ অনুসৰি কাম কৰিছে বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীনবীনে বিৰোধী দলসমূহে দেশত অতি বিপজ্জনক আৰু গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে ভাৰতীয় গণতন্ত্ৰৰ অপৰিসীম শক্তি আছে আৰু এনে ধৰণৰ প্ৰচেষ্টা বিফল কৰিবলৈ দেশৰ জনসাধাৰণ একত্ৰিত হ'ব। নিৰন্তৰ গোলকীয় সংকট সত্বেও দেশ প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে বুলি বিজেপিৰ সভাপতিগৰাক...