September 22, 2026 4:51 PM
19
গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ’ব
গুজৰাটৰ এক্তা নগৰত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্রাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যা...