ভূটানৰ চিন্তাফু হ্ৰদৰ হিমবাহ বিস্ফোৰণৰ ফলত অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাত বানৰ আশংকা কৰা হৈছিল যদিও সম্প্ৰতি নৈৰ জলপৃষ্ঠ সুস্থিৰ অৱস্থাত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয়, যে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা থাকা ৰাজহ চক্ৰসমূহ অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। তদুপৰি এন ডি আৰ এফ আৰু অন্য জৰুৰীকালীন সংস্থাসমূহক সাজু কৰি ৰখাৰ লগতে নৈপৰীয়া অঞ্চলসমূহত নিৰন্তৰ সতৰ্ক দৃষ্টি ৰখা হৈছে।
লাটমণ্ডলসকলে এই গাঁওসমূহৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰি আছে আৰু আপদামিত্ৰৰ স্বেচ্ছাসেৱকসকলক আগতীয়া সতর্কতামূলক ব্যৱস্থাৰ বাবে নিয়োজিত কৰা হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে।
উল্লেখযোগ্য যে, চিন্তাফু হ্ৰদৰ হিমবাহ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত ভূটানত থকা ভাৰতীয় দূতাবাসে অসম আৰু পশ্চিমবংগৰ কেইবাখনো জিলাত উচ্চ সতর্কতা জাৰি কৰিছিল। এই হিমবাহৰ ফলত পুনাটচাংচু নৈ অর্থাৎ অসমৰ মাজেৰে বৈ যোৱা সোণকোষ নৈত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সতর্কতা জাৰি কৰা হৈছিল।