সাগৰীয় ঘূৰ্ণী অৰ্ণৱৰ প্ৰভাৱত ওড়িশাৰ দক্ষিণ অঞ্চলৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হৈছে। ধুমুহাৰ পাছত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্যখনত গঞ্জাম, গজপতি আৰু কাষৰীয়া কেইখনমান জিলাৰ বিভিন্ন অঞ্চল বানে বুৰাই পেলাইছে।
নদীৰ জলস্তৰ বৃদ্ধি হৈ বিভিন্ন বাট-পথ বুৰাই পেলোৱাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলনো হৈছে। ফলত গ্ৰামাঞ্চলৰ লোকসকল ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে আৰু বহু ঠাইত কেইবা হাজাৰ লোক আবদ্ধ হৈ পৰিছে।
বানে খেতিপথাৰ বুৰাই পেলোৱাত খাৰিফ শস্য নষ্ট হৈছে আৰু হাজাৰ হাজাৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। বহু বাসগৃহৰ ভিতৰত পানী সোমোৱাৰ লগতে বিদ্যুৎ যোগান ব্যাহত হৈছে আৰু প্ৰয়োজনীয় সামগ্ৰী সৰবৰাহতো বাধাৰ সৃষ্টি হৈছে। বান প্ৰভাৱিত জিলাকেইখনত প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি দক্ষিণ ওড়িশাৰ জিলাকেইখনত বানে দৈনন্দিন জীৱন ব্যাহত কৰি তুলিছে।
ৰুছিকুলিয়া, ঘোড়াহাৰা আৰু বহুদা নদী কেইবাটাও স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে। কেইবা ঠাইতো নদীৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপত বুৰাই পেলাইছে। মোহনা ব্লকত ৩২৬ নম্বৰ ঘাইপথৰ প্ৰায় ৩০০ মিটাৰ অংশ পানীয়ে উটুৱাই নিয়ে।
অসমত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৮ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্রদ্ধাঞ্জলি জনাইছে।
মুখ্যমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোকক চিৰদিনৰ বাবে ঘূণীয়া কৰা এই বিস্ফোৰণৰ ঘটনাৰ কথা উল্লেখ কৰি আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে অন্যান্য স্থানসমূহত এই ঘটনাত প্ৰাণ হেৰুওৱা নিৰিহ লোকসকলৰ স্মৃতিত আজি শ্রদ্ধা নিবেদন কৰা হ’ব।