October 30, 2026 7:24 PM
19
সাগৰীয় ঘূৰ্ণী অৰ্ণৱৰ প্ৰভাৱত ওড়িশাৰ দক্ষিণ অঞ্চলৰ কেইবাখনো জিলাত বানৰ সৃষ্টি
সাগৰীয় ঘূৰ্ণী অৰ্ণৱৰ প্ৰভাৱত ওড়িশাৰ দক্ষিণ অঞ্চলৰ কেইবাখনো জিলাত বানৰ সৃষ্টি হৈছে। ধুমুহাৰ পাছত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্যখনত গঞ্জাম, গজপতি আৰু কাষৰীয়া কেইখনমান জিলাৰ বিভিন্ন অঞ্চল বানে বুৰাই পেলাইছে। নদীৰ জলস্তৰ বৃদ্ধি হৈ বিভিন্ন বাট-পথ বুৰাই পেলোৱাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলনো হৈছে। ফলত গ্ৰামাঞ্চলৰ লোকসকল ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে আৰু বহু ঠাইত কেইবা হাজাৰ লোক আবদ্ধ হৈ পৰিছে। বানে খেতিপথাৰ বুৰাই পেলোৱাত খাৰিফ শস্য নষ্ট হৈছে আৰু হাজাৰ হাজাৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্ট...