অৰ্ণৱ নামৰ ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট ৰাজ্যসমূহক পৰিস্থিতি অহৰহ নিৰীক্ষণ আৰু সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে অৰ্ণৱ নামৰ ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট ৰাজ্যসমূহক পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰিবলৈ আৰু সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা পৰামৰ্শাৱলীত উপকূলীয় অঞ্চলত বাস কৰা লোকসকলক নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ লগতে মাছ ধৰাৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কোৱা হৈছে।

মন্ত্রালয়ে পশ্চিমবংগ, ওড়িশা, অন্ধপ্রদেশ, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, ছিকিম, ঝাৰখণ্ড, বিহাৰ, চত্তিশগড়, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু আন্দামান নিকোবৰৰ মুখ্য সচিবসকললৈ এই সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছে।

কাইলৈ অৰ্ণৱ নামৰ ঘূৰ্ণীবতাহজাকে ভূখণ্ডত খুন্দিওৱাৰ সম্ভাৱনালৈ চাই ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ঘূৰ্ণীবতাহজাকৰ ফলত হ’ব পৰা ক্ষয়-ক্ষতি ৰোধৰ বাবে লোৱা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। শ্ৰীবৈষ্ণৱে সামাজিক মাধ্যমযোগে কয় যে বিজয়ৱাড়া আৰু বিশাখাপট্টনম ৰে’ল সংমণ্ডলত সুৰক্ষা, নিয়মাৱলী আৰু দ্ৰুত পুনৰবাহাল ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে আঞ্চলিক, মাণ্ডলিক আৰু বোর্ড পৰ্যায়ত নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে আৰু পৰিস্থিতি অহৰ্নিশে নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।