October 31, 2026 9:33 PM | Akashvani | LGBI

printer

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক অগৰু চীপছ আৰু অগৰু তেল ৰপ্তানিৰ বাবে অনুমোদিত ৰপ্তানি কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কয়, যে এই সিদ্ধান্তই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাঁচী গছৰ কৃষক, উৎপাদক আৰু ৰপ্তানীকাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰ সুলভ কৰি তুলিব।

ইয়াৰ উপৰি পৰিবহণৰ সুবিধা হ্ৰাস পাব আৰু স্থানীয় উদ্যোগীৰ বাবে নতুন বজাৰ তথা অর্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি ড০ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয় কয়, যে এই সিদ্ধান্ত অসমৰ উন্নয়নৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহায়-সহযোগিতাৰ উল্লেখযোগ্য নিদর্শন। তেওঁ লগতে এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।