প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন কৰে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে চাৰিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনৰ বিষয়বস্তু হৈছে- বিনিয়োগ, উদ্ভাৱন, প্ৰেৰণা।
সন্মিলনত ১৩০ খনতকৈও অধিক দেশৰ উপৰি ৪০ গৰাকীতকৈও অধিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা। এই সন্মিলনে নিকা শক্তি বিনিয়োগ, প্রযুক্তিগত উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব প্ৰসাৰৰ অৰ্থে নীতি নির্মাতা, বিনিয়োগকাৰী, বিত্তীয় প্রতিষ্ঠান তথা ঔদ্যোগিক নেতাসকলক একত্ৰিত কৰিব।
অষ্ট্ৰেলিয়া, ডেনমার্ক, ইউৰোপীয় সংঘ, ফ্রান্স, জার্মানী, নেডাৰলেণ্ডছ, ন’ৰৱে, ছুইডেন আৰু ব্ৰিটেইনে সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিব। তদুপৰি ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে নৱীকৰণযোগ্য শক্তি সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু নির্মাণ সামৰ্থ্য প্ৰদৰ্শন কৰিব।
আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতা সভাৰ নৱম সত্ৰ আৰু চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন সন্মিলনৰ সৈতে সংগতি ৰাখি ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ৰ আয়োজনৰ কৰা হৈছে। অনুষ্ঠানত উদ্বোধনী সত্ৰ, মন্ত্ৰী পৰ্যায়ৰ আলোচনা, মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেল তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সত্ৰ অনুষ্ঠিত হ’ব।
সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীত ৪০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে সৌৰ তথা বায়ু শক্তি, সেউজ হাইড্র’জেন, শক্তি ভাণ্ডাৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নত প্রযুক্তি, ঘৰুৱা নিৰ্মাণ সামৰ্থ্য আৰু নিকা শক্তিৰ সমাধান বিষয়ক প্রদর্শনী অনুষ্ঠিত হ’ব।