ৰাষ্ট্ৰীয় মহিলা আয়োগে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত দিল্লীত ‘খেল শক্তি’-ক্রীড়াত মহিলাৰ বাবে ৰাষ্ট্ৰীয় পৰামৰ্শৰ আয়োজন

ৰাষ্ট্ৰীয় মহিলা আয়োগে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগত কাইলৈ নতুন দিল্লীত ‘খেল শক্তি’-ক্রীড়াত মহিলাৰ বাবে ৰাষ্ট্ৰীয় পৰামৰ্শৰ আয়োজন কৰিছে।

মহিলা খেলুৱৈ সকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ বিষয়ে আলোচনা কৰা আৰু তেওঁলোকৰ সুৰক্ষা, কল্যাণ, ক্রীড়াত অংশগ্রহণ তথা বৃত্তিগত বিকাশৰ বাবে প্রতিষ্ঠানিক ব্যৱস্থা শক্তিশালী কৰাৰ বিভিন্ন উপায় সমূহৰ বিষয়ে আলোচনা কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।

আয়োগে কৈছে যে, দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে আৰু মহিলা খেলুৱৈ সকলে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত উৎকৃষ্ট প্রদর্শন অব্যাহত ৰাখিছে।

এই ৰাষ্ট্ৰীয় পৰামৰ্শই খেলুৱৈ, প্ৰশিক্ষক, ৰাষ্ট্ৰীয় ক্রীড়া প্ৰাধিকৰণৰ প্ৰতিনিধি, ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ, সামাজিক সংস্থা, খেলুৱৈ সকলৰ অভিভাৱক আৰু আন প্ৰতিনিধি সকলক মহিলা খেলুৱৈ সকলৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহ আলোচনা কৰি সমাধান কৰাৰ এখন মঞ্চ প্ৰদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।