প্ৰতিৰক্ষা মন্ত্ৰালয়ে নৌ সেনা বাহিনীত ৮খন নতুন প্রযুক্তিৰ কৰবেট যুদ্ধ জাহাজৰ বাবে GARDEN REACH SHIPBUILDERS AND ENGINEERS LIMITED GOA SHIPYARD
LIMITED ৰ সৈতে ৫৩ হাজাৰ ৮০০ কোটি টকাৰো অধিক মূল্যৰ চুক্তি স্বাক্ষৰ কৰিছে।
নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হৈছে। চুক্তি অনুসৰি GARDEN REACH SHIPBUILDERS AND ENGINEERS LIMITED GOA SHIPYARD LIMITED এ তিনিখন কৰবেট যুদ্ধ জাহাজ নির্মাণ কৰিব। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতীয় নৌসেনাই থলুৱাভাৱে আৰ্হি প্ৰস্তুত কৰা আৰু প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা এই জাহাজ সমূহ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হোৱাৰ লগতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো সমৰ্থ হ’ব। এই কৰবেট সমূহ উন্নত সামৰিক আহিলা, ক্ষেপনাস্ত্ৰ,সমৰাস্ত্ৰকে ধৰি বিভিন্ন সঁজুলিৰে সুসজ্জিত হ’ব।
ইয়াৰফলত ভাৰতীয় নৌ সেনাৰ সামৰ্থ বৃদ্ধি পোৱাৰ লগতে সামুদ্রিক ক্ষেত্ৰত নিৰাপত্তা আৰু উপকূলীয় সূৰক্ষাৰ ক্ষেত্ৰতো সহায় হ’ব বুলি আশা কৰা হৈছে। এই কৰেবট জাহাজসমূহৰ নির্মাণে জাহাজ নির্মাণ খণ্ডত ৭২ লাখ ব্যক্তিৰ বাবে কৰ্মদিন সৃষ্টি কৰিব আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগখণ্ডত ৪ কোটি ৬০ লাখৰো অধিক লোকৰ বাবে কৰ্মদিন সৃষ্টি হ’ব।