৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টেমাৰ বক্সিং প্রতিযোগিতাত ভাৰতৰ ৪টা সোণ, ২টা ৰূপ আৰু ৮টা ব্ৰঞ্জসহ মুঠ ১৪টা পদক জয়

ফিনলেণ্ডৰ টামপেৰেত অনুষ্ঠিত ৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টেমাৰ বক্সিং প্রতিযোগিতাত ভাৰতে চাৰিটা সোণ, দুটা ৰূপ আৰু ৮টা ব্ৰঞ্জসহ মুঠ ১৪টা পদক জয় কৰে।

কালি সমাপ্ত হোৱা এই প্ৰতিযোগিতাত ভাৰত পদক তালিকাৰ শীৰ্ষত থাকে। ভাৰতৰ হৈ মহিলাৰ ৫৪ কিলোগ্রাম শাখাত আৰতী ধাৰিয়াল, ৬৫ কিলোগ্রাম শাখাত অংকুশিতা বড়ো, ৭০ কিলোগ্রাম শাখাত অৰুন্ধতী চৌধুৰী আৰু পুৰুষৰ ৫৫ কিলোগ্রাম শাখাত পৱন বাৰ্টৱালে সোণৰ পদক জয় কৰে।

ইপিনে পুৰুষৰ ৬০ কিলোগ্রাম শাখাত মহম্মদ হুচ্ছামুদ্দিন আৰু মহিলাৰ ৫৭ কিলোগ্রাম শাখাত জেছমিনে ৰূপৰ পদক জয় কৰে। আন কেইবাগৰাকী বক্সাৰ বিবেক মীনা, হিতেশ, অক্ষয়, ববিন চৌহান, চেতন চৌধুৰী, দিশা পাটিল, ইমৰোজ খান আৰু তনুৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।