ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তৰ কাৰ্যালয়ত মহিলাসকলৰ বাবে এটি সুকীয়াকৈ মহিলা কোষ কোঠাৰ ব্যৱস্থা থাকিব লাগেঃ আঙুৰলতা ডেকা

অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা আজি বিশ্বনাথ জিলাত উপস্থিত হয়। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে।

এই বৈঠকত জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তৰ কাৰ্যালয়ত মহিলাসকলৰ বাবে এটি সুকীয়াকৈ মহিলা কোষ কোঠাৰ ব্যৱস্থা থাকিব লাগে বুলি তেওঁ উল্লেখ কৰি মহিলাসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ বিভিন্ন অভিযোগৰ বাবে কাৰ্যক্ষম কৰি ৰখা ১-৮–১ নম্বৰটো জিলাখনৰ বিভিন্ন কার্যালয়, বিদ্যালয়- মহাবিদ্যালয়ত সকলোৰে জ্ঞাতাৰ্থে প্ৰচাৰ কৰিবলৈও মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে আহ্বান জনায়। আগন্তুক দিনত বিশ্বনাথত ২ৰ পৰা ৩ দিনীয়াকৈ ৰাজহুৱা শুনানি অনুষ্ঠিত হ’ব, য’ত মহিলাসকলে বিনামূলীয়াকৈ আইনী সাহায্যকে ধৰি বিভিন্ন সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।