৩০ নৱেম্বৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০ টা সমষ্টিত আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২ টা সমষ্টিত নির্বাচন অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব। ৰাজ্যিক নির্বাচন আয়োগে কালি এই নিৰ্বাচনৰ দিন ঘোষণা কৰে ।

১০ নৱেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১২ নৱেম্বৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ লগতে বৈধ প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ’ব। ১৬ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সেইদিনাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব।

৩০ নৱেম্বৰৰ পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰি বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্রয়োজন সাপেক্ষে ১ ডিচেম্বৰত পুনৰ ভোট গ্রহণ কৰা হ’ব। ৩ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব। নির্বাচনী প্রক্রিয়া সম্পূৰ্ণ কৰাৰ অন্তিম দিন ৫ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে। ইপিনে, এই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ৰাজ্যিক নির্বাচন আয়োগে মুক্ত তথা নিকা নির্বাচন নিশ্চিত কৰিবলৈ আদৰ্শ আচৰণ বিধি তাৎক্ষণিকভাৱে বলবৎ কৰাৰ বাবে নিৰ্দেশ দিছে।

যোৰহাট জিলাৰ আদৰ্শ আচৰণ বিধি প্রযোজ্য হোৱা অঞ্চলসমূহত চৰকাৰী সম্পত্তিৰ ওপৰত থকা সকলো ধৰণৰ দেৱাল লিখন, পোষ্টাৰ, কাগজ, হৰ্ডিং, বেনাৰ আদি ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাবলৈ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া জয় শিৱানীয়ে নির্দেশ দিছে। সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক লৈ গোলাঘাট জিলা প্রশাসনো সাজু হৈ উঠিছে। জিলাখনৰ সোণোৱাল কছাৰীৰ দুটা আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ তিনিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ গোলাঘাট আৰু দৈয়াং সমষ্টিৰ মুঠ ২০টা কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।