September 29, 2026 4:02 PM

views 5

আজি বিশ্ব হৃদৰোগ দিৱস

আজি বিশ্ব হৃদৰোগ দিৱস। হৃদ ৰোগ আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব হৃদয় দিৱস পালন কৰি অহা হৈছে। এই ৰোগৰ লক্ষ্যণৰ বিষয়ে অৱগত কৰোৱা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু ধূমপান বৰ্জনৰ দ্বাৰা হৃদযন্ত্র সুস্থ ৰখাৰ বাবে উৎসাহিত কৰা তথা যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ ঘটনা ৰোধ কৰিবলৈ আগতীয়াকৈ যত্ন লোৱা আদি বিষয়ত এই দিনটোত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- Use Heart for Action অর্থা...

September 29, 2026 4:01 PM

views 3

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ দলটোৰ নেতৃত্বই সমষ্টিটোৰ চুকে-কোণে প্ৰচাৰ অব্যাহত ৰাখিছে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাট সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজ...

September 29, 2026 3:52 PM

views 16

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কাইলৈ বৰ্ষাপাৰাত হ'বলগীয়া তিনিখনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ বাবে দুয়োটা দলেই আজি অনুশীলনত অংশগ্ৰহণ কৰিব। দুয়োটা দল কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বিমান বন্দৰত বহুসংখ্যক অনুৰাগীয়ে তেওঁলোকক আদৰণি জনায়। আজি দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ ৱেষ্ট ইণ্ডিজে খেলৰ অনুশীলন কৰিব। ভাৰতীয় দলটোৱে ৫.৩০ বজাৰ পৰা ৮.৩০ বজালৈ অনুশীলন কৰিব। তিৰুৱনন্তপুৰমত অনুষ্ঠিত তিনিখনীয়া মেচৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰাৰ পাছত কাইলৈ হ'বলগীয়া দ্বিতীয়খন খেলত জয়ৰ পুনৰাবৃত্তিৰ...

September 29, 2026 3:39 PM

views 2

এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত

জাপানৰ আইচি নাগ’য়াত চলি থকা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। পুৰুষৰ জেভলিনত কালি য়ছবীৰ সিঙে ৮৫.৭২ মিটাৰেৰে ৰূপৰ আৰু ৰোহিত যাদৱে ৮৪.৩৫ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ লং জাম্পত শ্ৰীশংকৰ মুৰুলীয়ে ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীট গুলবীৰ সিঙে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্রতিযোগিতাত তেওঁ দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ ১০ হাজাৰ মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । ইপিনে, মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ব...

September 26, 2026 9:18 PM

views 19

জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত চৰকাৰৰ এই লক্ষ্য পৰীক্ষা পে' চৰ্চা পদক্ষেপৰ মাধ্যমেৰে কিদৰে কাৰ্য ৰূপায়িত হৈছে এই বিষয়ে...

September 26, 2026 9:09 PM

views 13

দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ’ব

দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰ্যালয়ে ঘোষণা কৰিছে। বেংক সংঘৰ সংগঠিত মঞ্চ অর্থাৎ ই এফ বি ইউ এ ২৮ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ আহ্বান জনোৱা ধৰ্মঘট তথা আজি আৰু কাইলৈ সপ্তাহান্তিক বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা, কার্যালয়, এটিএম সংযোগী শাখাকে ধৰি সকলো লেনদেন কাইলৈ খোলা থাকিব বুলি দিয়া অনুমোদনৰ বিষয়েও প্রকাশ কৰিছে। ইতিমধ্যে ...

September 26, 2026 9:05 PM

views 15

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰ...

September 26, 2026 5:45 PM

views 21

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে শিলচৰত উপস্থিত জার্মানী বিশেজ্ঞৰ দল

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জার্মান আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্রতিষ্ঠান জি এফ এ কনসালটিং গ্ৰুপৰ এটা বিশেজ্ঞৰ দল শিলচৰত উপস্থিত হৈছে। জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদ তথা অভিযন্তা জন ছাছৰ নেতৃত্বত আজি দলটোৱে শিলচৰৰ তাৰাপুৰ শিৱবাৰী পথৰ গাতে লাগি থকা খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় প্রশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে স্থানীয় বা...

September 26, 2026 8:55 PM

views 16

এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ভাৰতৰ ৰূপৰ পদক জয়

জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, ৱিদৰ্শা বিনোদ আৰু আচি চক্সিয়ে এহেজাৰ ৭৬৩ পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে ১,৭৭৩ পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্রতিযোগিতাত ভাৰতৰ মহিলা কাবাড়ী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফৌগত আৰু কমলজিতে সোণৰ পদক অর্জন কৰাৰ পাছত এয়...

September 24, 2026 3:58 PM

views 16

এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্রুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থ বাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল। ১৯৯০ চনৰে পৰা কাবাডীত এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে ৮টা সোণৰ পদকসহ মুঠ ৯টা পদক লাভ কৰিছে। আনহাতে, ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰানক ৩৭-২৩ ৰ ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ'ব।