October 24, 2026 6:55 PM

views 5

আদা খেতিৰে স্বাৱলম্বিতা অর্জন কৰা কাৰ্বি আংলংৰ খেতিয়ক জীতেন চাৰাংফাংচাইলৈ ২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটা

আদা খেতিৰে স্বাৱলম্বিতা অর্জন কৰা কাৰ্বি আংলংৰ খেতিয়ক জীতেন চাৰাংফাংচাইলৈ ২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। প্ৰায় দুটা দশক ধৰি আদা খেতিৰ সৈতে জড়িত এই প্রগতিশীল কৃষকগৰাকীয়ে ডিফু মাঞ্জা পথত ক্ষুদ্র উদ্যোগ স্থাপন কৰি বহু লোকক কর্মসংস্থাপনৰ সুবিধা কৰি দিছে। আদা খেতিৰ বাবে উপযোগী কাৰ্বি আংলং ভূমিৰ সুপ্রয়োগ কৰি কৃষকগৰাকীয়ে লাভ কৰা সফলতাৰ বাবে ৰাজ্য চৰকাৰে এই বঁটাৰ বাবে বাচনি কৰিছে। এই বঁটাৰ বাবে নিৰ্বাচিত হৈ সুখ অনুভৱ কৰিছে বুলি তেঁও প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে কালি ঘষণা কৰা অনুস...

October 24, 2026 6:29 PM

views 5

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যকৃত সংৰোপণৰ প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই যকৃত সংৰোপণৰ প্ৰথমটো অস্ত্ৰোপচাৰ কালি সফলতাৰে সম্পন্ন হয়। গুৱাহাটী চৰকাৰী আৱাসত আয়োজিত এখন সংবাদমেলত স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত বৰ্ষৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যকৃত সংৰোপণৰ বিহিত ব্যৱস্থা লোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত কালি ১৬ ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন...

October 24, 2026 6:24 PM

views 4

ভৰলু নৈৰ দুয়ো পাৰ জৈৱ সংবেদনশীল এলেকা ঘোষণা কৰা হ’ব পাৰেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ দুয়ো পাৰ জৈৱ সংবেদনশীল এলেকা ঘোষণা কৰা হ'ব পাৰে বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি প্ৰকাশ কৰে। ইয়াৰ বাবে চিন্তা-চৰ্চা চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰে। ভৰলু নৈক পুনৰুজ্জীৱিত কৰাৰ বাবে অদূৰ ভৱিষ্যতে জৈৱ সংবেদন এলেকা ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ জলাশয়সমূহৰ সংবর্ধনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰী শ্ৰীমল্লবৰুৱাই মন্তব্য কৰে। তেওঁ কয় যে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্...

October 24, 2026 4:03 PM

views 3

বিহাৰত অবৈধভাৱে আতচবাজী নিৰ্মাণ কৰা বাসগৃহত বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু

বিহাৰৰ ছিৱান জিলাৰ আলমপুৰ গাঁৱত অবৈধভাৱে আতচবাজী নিৰ্মাণ কৰা এটা বাসগৃহত বিস্ফোৰণৰ ফলত কালি ৫ জন লোকৰ মৃত্যু হয়। জামো আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত সংঘটিত এই ঘটনাত এটা দুমহলীয়া ভৱন ভাঙি পৰে। নিহতসকলৰ ভিতৰত এজন আতচবাজীৰ ব্যৱসায়ী, তেওঁৰ পৰিয়ালৰ সদস্য আৰু দুজন কৰ্মচাৰী আছে। ছিৱানৰ আৰক্ষী অধীক্ষক ভাৰত-ছোনিয়ে সাংবাদিকৰ আগত জনোৱা মতে ঘটনাৰ তদন্তৰ বাবে মহাৰাজ গঞ্জৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে। ইপিনে, জামো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ কুমাৰক কৰ্তব্যত গাফিলতিৰ বাবে তাৎক্ষণ...

October 24, 2026 4:15 PM

views 6

হিমাচল প্ৰদেশৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ বাবে ৩২০ খনকৈ আসন বৃদ্ধিত কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে আজি হিমাচল প্ৰদেশৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ বাবে ৩২০ খনকৈ আসন বৃদ্ধিত অনুমোদন জনাইছে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই এটা ভিডিঅ' বার্তা যোগে এই তথ্য সদৰী কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত চিকিৎসা শিক্ষাৰ প্ৰসাৰ আৰু স্বাস্থ্য যতন সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰয়াসৰ অংশ হিচাপে এই আসন বৃদ্ধিত অনুমোদন জনোৱা হয়৷ এই প্রকল্প ৰূপায়ণৰ বাবে চৰকাৰে প্ৰায় ৪১৫ কোটি টকাত অনুমোদন জনাব। শ্রী নাড্ডাই কয়, যে এই বর...

October 24, 2026 3:42 PM

views 7

কাইলৈ লক্ষ্মী পূজা

কাইলৈ ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পূজা। সমগ্ৰ ৰাজ্যতে লক্ষ্মীপূজাৰ প্ৰস্তুতি চলি আছে। লক্ষ্মী পূজা উপলক্ষে গোৱালপাৰা জিলাৰ হাট-বজাৰসমূহ পূজাৰ সামগ্ৰীৰে উপচি পৰিছে। জিলাখনৰ বৰদামাল-বৰজুৰি লক্ষ্মী মন্দিৰত বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন অঞ্চলতো লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে বুলি আমাৰ বৰপেটাৰ সংবাদদাতাই জনাইছে। একেদৰে গুৱাহাটী মহানগৰৰ বেলতলা লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন ঠাইত কাইলৈ লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।

October 24, 2026 3:30 PM

views 2

আজি বিশ্ব পলিঅ’ দিৱস

আজি বিশ্ব পলিঅ’ দিৱস। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- Together, We end Polio অর্থাৎ আমি একেলগে পলিঅ’ নিৰ্মূল কৰিম। উল্লেখযোগ্য যে ২০১৪ চনতেই ভাৰতক চৰকাৰীভাৱে পলিঅ’মুক্ত দেশ হিচাপে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে পলিঅ’ ভাইৰাছৰ দ্বাৰা যাতে কোনো শিশু আক্রান্ত হ'ব নোৱাৰে তাৰ বাবে শিশুসকলক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ টীকাকৰণ অভিযানৰ জৰিয়তে পাঁচ বছৰৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধকৰ ব্যৱস্থা নিশ্চিত কৰিছ...

October 24, 2026 3:25 PM

views 3

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচা...

October 24, 2026 3:08 PM

views 1

৪ দিনীয়া ভ্ৰমণসূচীৰে ইউৰোপৰ দেশ লিক্‌টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰব্বী প্রিন্স এলইছ কাইলৈ ভাৰতলৈ আহিব

ইউৰোপৰ দেশ লিক্‌টেনষ্টাইনৰ ভাৰপ্ৰাপ্ত মুৰব্বী প্রিন্স এলইছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে পত্নী প্রিন্সেছ ছ’ফীৰ সৈতে ভাৰতলৈ অহা প্রিন্স এল'ইছ ২৮ অক্টোবৰলৈকে নতুন দিল্লীত থাকিব। তেওঁৰ সৈতে দেশখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে উদ্যোগপতি-ব্যৱসায়ীৰ এটা দলো আহিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰিন্স এলইছ বিভিন্ন বিষয়ৰ সহযোগিতাক লৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই আলোচনাত ব্যৱসায়, বিনিয়োগ, বিজ্ঞান, প্রযুক্তি, উদ্ভাৱ...

October 23, 2026 8:32 PM

views 6

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ পর্যালোচনাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বৈঠক

ভাৰতৰত্ন সন্মানেৰে সন্মানিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ পর্যালোচনাৰ বাবে আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ২৯ নৱেম্বৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সামৰণি অনুষ্ঠানত সংগীত শিল্পীগৰাকীৰ অনন্য অৱদান আৰু কালজয়ী সৃষ্টিৰাজি উদযাপন কৰা হ'ব। অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। তদুপৰি, দেশ-বিদেশৰ প্ৰায় ৫ হাজাৰ গুণমুগ্ধ ...