ভৰলু নৈৰ দুয়ো পাৰ জৈৱ সংবেদনশীল এলেকা ঘোষণা কৰা হ’ব পাৰেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ দুয়ো পাৰ জৈৱ সংবেদনশীল এলেকা ঘোষণা কৰা হ’ব পাৰে বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি প্ৰকাশ কৰে।

ইয়াৰ বাবে চিন্তা-চৰ্চা চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰে। ভৰলু নৈক পুনৰুজ্জীৱিত কৰাৰ বাবে অদূৰ ভৱিষ্যতে জৈৱ সংবেদন এলেকা ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে।

ৰাজ্যৰ জলাশয়সমূহৰ সংবর্ধনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰী শ্ৰীমল্লবৰুৱাই মন্তব্য কৰে। তেওঁ কয় যে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্যৰ জলাশয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।