কেন্দ্ৰীয় চৰকাৰে আজি হিমাচল প্ৰদেশৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ বাবে ৩২০ খনকৈ আসন বৃদ্ধিত অনুমোদন জনাইছে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই এটা ভিডিঅ’ বার্তা যোগে এই তথ্য সদৰী কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত চিকিৎসা শিক্ষাৰ প্ৰসাৰ আৰু স্বাস্থ্য যতন সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰয়াসৰ অংশ হিচাপে এই আসন বৃদ্ধিত অনুমোদন জনোৱা হয়৷ এই প্রকল্প ৰূপায়ণৰ বাবে চৰকাৰে প্ৰায় ৪১৫ কোটি টকাত অনুমোদন জনাব।
শ্রী নাড্ডাই কয়, যে এই বর্ধিত অসনসমূহৰ ভিতৰত হামিৰপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫৭, ছাম্বাৰ বাবে ২৮, মান্দিৰ বাবে ৫৫, নাহানৰ বাবে ৩২, ছিমলাৰ বাবে ৯১ আৰু তাণ্ডা চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫৭ খন আসনত অনুমোদন জনোৱা হৈছে।
ছাৰ্জাৰী, অর্থোপেডিক্স, গাইনোকল’জী আৰু অফষ্টেট্রিকছ, পেডিয়াট্রিক্স আৰু অংক’ল’জী আদি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ আগ্ৰহী চিকিৎসা বিজ্ঞানৰ স্নাতকসকলক এই আসন বৃদ্ধিয়ে সহায় কৰিব বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই হিমাচল চৰকাৰক এই বৰ্ধিত আসনসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰাৰ বাবে আহ্বান জনায়।