September 10, 2026 1:42 PM

views 7

ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে

ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে। এই পুঁজিৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ ২ লাখ ২৯ হাজাৰ ৬৪৬টা পশুধনক বীমাৰ আওঁতালৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২ কোটি ১১ লাখ ২৫ হাজাৰ টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৩ লাখ ৪৭ হাজাৰ টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয...

August 12, 2026 7:52 PM

views 10

উজনি অসমৰ ভয়াবহ বান পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ

১৮ ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কয়, যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূর্বানুমান হিচাপে সাতদিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্ত...

July 21, 2026 8:05 PM

views 15

চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি নিত্যানন্দ ৰায়ৰ প্ৰকাশ

মাদকদ্রব্য নিয়ন্ত্রণ সংস্থা, এন চি বিয়ে ২৭খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু ১৯খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে মাদক দ্রব্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু অপব্যৱহাৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব প...

July 2, 2026 5:52 PM

views 11

প্ৰাক্তন স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅ’টো ভুৱা বুলি অভিহিত

কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅ’টো ভুৱা বুলি অভিহিত কৰিছে। উদ্দেশ্যপ্রণোদিতভাৱে পাকিস্তানৰ একাউণ্টৰ পৰা প্ৰচাৰিত ভিডিঅ'টো জেনেৰেল দ্বিবেদীয়ে প্রতিবাদকল্পে পদ ত্যাগ কৰা বুলি আৰু জেনেৰেল ধীৰাজ শেঠক দায়িত্ব অৰ্পণ কৰা বুলি দাবী কৰা হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে ভিডিঅ'টো ডিপফেক প্ৰযুক্তিৰ সহায়ত কৃত্রিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা হৈছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে প্ৰচাৰ কৰা...

January 21, 2026 12:40 PM

views 41

পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মোকলাই দিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথমটো কিস্তি হিচাপে আবণ্টিত এই ধন ৰাজ্যখনৰ দুহেজাৰ ১৯২ খন গাঁও পঞ্চায়ত, ১৮২ খন আঞ্চলিক পঞ্চায়ত আৰু ২৭ খন জিলা পৰিষদলৈ মোকলাই দিয়া হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কালি সদৰি কৰে। উল্লেখযোগ্য যে প্রতিটো বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা বিত্তীয় আয়োগৰ ধনৰাশি দুটা কিস্তিত ৰাজ্যলৈ মোকলাই দিয়া হয়। এই একত্ৰিত ধনৰাশি ৰাজ্যৰ পঞ্চায়তীৰাজ প্রতিষ্ঠান তথা গ্রাম্য স্থানীয় নিকায়সমূহে তেওঁলোক...

December 29, 2025 8:16 PM

views 42

পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

 কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ উপত্যকা অঞ্চলত লুপ্তপ্রায় চৰাইৰ প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে, বালিচৰত বাহ সাজি থকা পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ কাৰ্যকৰী সমিতিৰ ৬৮ সংখ্যক বৈঠকতে এই প্রকল্পত অনুমোদন জনোৱা হয়। নমামি গংগে অভিযান দ্বিতীয়ৰ সৈতে সংগতি ৰাখি এই প্রকল্পই দীর্ঘম্যাদি নিৰীক্ষণ ব্যৱস্থা, সামুহিক অংশগ্রহণ আৰু প্ৰমাণ আধাৰিত সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ৰাষ্ট্ৰীয় স্বচ্ছা গংগা অভিযানৰ সঞ্চালক প্রধান ৰ...

December 4, 2025 11:59 AM

views 63

সঞ্চাৰ সাথী নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোন নির্মাতাসকলৰ বাবে সঞ্চাৰ সাথী এপটো নিৰ্মাণৰ সময়তে মোবাইল ফোনত থকাটো বাধ্যতামূলক নকৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় যোগাযোগ মন্ত্রালয়ে কালি নতুন দিল্লীত এই বিষয়ে এটা স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে নাগৰিকসকলে যেতিয়াই বিচাৰে তেতিয়াই এই এপটো তেওঁলোকৰ ফোনৰ পৰা আন-ইনষ্টল কৰিব পাৰে। মন্ত্রালয়ে লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বাহিৰে এই এপটোৰ আন কোনো ব্যৱহাৰ নাই। মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এতিয়ালৈকে দেশৰ ১ কোটি ৪০ লাখ মোবাইল ফোন ব্যৱহাৰকাৰীয়ে এই এপটো ডাউনল'ড কৰ...

October 28, 2025 8:47 PM

views 68

নাগালেণ্ডলৈ ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ দ্বিতীয় কিস্তিৰ ২০ কোটি টকা মোকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে ৰাজ্যিক দুর্যোগ সহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ দ্বিতীয় কিস্তি হিচাপে নাগালেণ্ডলৈ আগতীয়াকৈ ২০ কোটি টকা মোকলাই দিয়াত অনুমোদন জনাইছে। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে এই সিদ্ধান্তত অনুমোদন জনায়। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে প্রাকৃতিক দুর্যোগ আৰু বিপৰ্যয়ৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈ আহিছে আৰু ৰাজ্যসমূহৰ প্ৰয়োজনীয় সকলো সহায় আগবঢ়াই আহিছে। মন্ত্রালয়ে কয় যে চলিত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুর...

September 4, 2025 10:58 AM

views 59

জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে কালি সামগ্ৰী আৰু সেৱাকৰ – জি এছ টি হাৰ হ্ৰাস কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্রমিক, উদ্যোগী তথা অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি কালি জি এছ টি পৰিষদে এই যুক্তিগত সংস্কাৰ সাধনত অনুমোদন দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ বৈঠকত কৰৰ স্তৰ যুক্তিসগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নতুন দিল্লীত পৰিষদৰ বৈঠকৰ অন্তত কালি সাংবাদিকৰ সৈতে হোৱা কথা ব...

August 28, 2025 1:17 PM

views 53

ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ ৰে’লপথ দ্বৈতকৰণত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথ দ্বৈতকৰণত অনুমোদন জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৩ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প ৰূপায়ণ কৰিব । উল্লেখযোগ্য যে এই ৰে'লপথছোৱা উজনি অসমৰ সৈতে দেশৰ বাকী অংশক সংযোগ কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। দ্বৈতকৰণৰ ফলত ৰে'লপথছোৱাৰে ৰে'ল চলাচলৰ সুবিধা হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰে'ল সংযোগ অধিক উন্নত কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্রীসভাই কাল...