প্ৰাক্তন স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅ’টো ভুৱা বুলি অভিহিত

কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅ’টো ভুৱা বুলি অভিহিত কৰিছে।

উদ্দেশ্যপ্রণোদিতভাৱে পাকিস্তানৰ একাউণ্টৰ পৰা প্ৰচাৰিত ভিডিঅ’টো জেনেৰেল দ্বিবেদীয়ে প্রতিবাদকল্পে পদ ত্যাগ কৰা বুলি আৰু জেনেৰেল ধীৰাজ শেঠক দায়িত্ব অৰ্পণ কৰা বুলি দাবী কৰা হৈছে।

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে ভিডিঅ’টো ডিপফেক প্ৰযুক্তিৰ সহায়ত কৃত্রিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা হৈছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে প্ৰচাৰ কৰা হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰ’ই এনে কোনো বিবৃতি দিয়া নাই বুলি স্পষ্ট কৰি দিছে।

জেনেৰেল দ্বিবেদীৰ অৱসৰ গ্ৰহণৰ পাছত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি নতুন স্থলসেনাধ্যক্ষ নিয়োগ কৰা হৈছে বুলি ব্যুৰ’ই প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।