ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে

ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে। এই পুঁজিৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ ২ লাখ ২৯ হাজাৰ ৬৪৬টা পশুধনক বীমাৰ আওঁতালৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২ কোটি ১১ লাখ ২৫ হাজাৰ টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৩ লাখ ৪৭ হাজাৰ টকা ব্যয় কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ ব্যৱহাৰ অনুসৰি পৰৱৰ্তি সময়ত অধিক ধন প্রদান কৰিব। আঁচনিখনৰ অধীনত ডাঙৰ পশুৰ ভিতৰত গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত ৩০ হাজাৰ, গাখীৰ দিয়া ম’হৰ ক্ষেত্ৰত ৪০ হাজাৰ আৰু ভেড়া, ছাগলী, গাহৰিৰ ক্ষেত্ৰত ৩ হাজাৰ টকা ধাৰ্য কৰা হৈছে।

গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত এবছৰৰ বাবে ৮৭৩ টকাৰ প্ৰিমিয়াম ধাৰ্য কৰা হৈছে। এই প্রিমিয়ামৰ ৮৫ শতাংশ অর্থাৎ ৭৪২ টকা ৰাজ সাহায্য হিচাপে প্ৰদান কৰা হ’ব। গাখীৰ দিয়া ম’হৰ ক্ষেত্ৰত এবছৰৰ বাবে এহেজাৰ ১৬৪ টকাৰ প্রিমিয়াম নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰে ৯৮৯ টকা চৰকাৰে প্ৰদান কৰিব। কৃষকে প্রিমিয়ামৰ ১৫ শতাংশ অর্থাৎ ১৩ টকা দিব লাগিব। গৰু আৰু ম’হৰ ক্ষেত্ৰত প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ বাবে ১০টা পশুধনত সীমাবদ্ধ কৰা হৈছে। হিতাধিকাৰীয়ে ভেড়া আৰু ছাগলীৰ ক্ষেত্ৰত সৰ্বাধিক ১০০টা আৰু গাহৰিৰ ক্ষেত্ৰত ৫০টালৈকে বীমা কৰাৰ সুবিধা লাভ কৰিব। বান, ঘূর্ণীবতাহ, দুর্ভিক্ষ বা অন্য আকস্মিক পৰিস্থিতি, ব্লেক কোৱাৰ্টাৰ ৰোগ, হেম’ৰাজিক, ছেপ্টিকেমিয়াৰ, চব’কা এনথ্রাক্‌ছ আদি ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হ’লে হিতাধিকাৰীয়ে বীমাৰ ধন লাভ কৰিব।

ইপিনে প্রধানমন্ত্রী ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে সদৰি কৰি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্পক সাৰথি কৰি ৰাজ্যৰ কৃষি খণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। সময়মতে অধিসূচনা, ৰাজসাহায্য প্রদান, ফচল বীমাৰ পৰিসৰ বৃদ্ধি, প্ৰযুক্তিৰ সফল ব্যৱহাৰ, দাবী নিষ্পত্তি আৰু কৃষকৰ অভিযোগৰ সময়মতে সমাধান, সকলো দিশতে লাভ কৰা এই সফলতা কৃষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।