আৰম্ভ হ’ব। এই দুদিনীয়া সম্মিলনৰ বাবে প্রস্তুতি অন্তিম পর্যায়ত উপনীত হৈছে। এই সন্মিলনত ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰব, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট ইউ এ ই-সহ ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অর্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ অধ্যক্ষতাত হ’বলগীয়া এই শীর্ষ সম্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাবন সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফটাহ অল ছিছি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাবোবো ছুবিয়ান্টো, ইৰাণৰ বাষ্ট্রপতি মাছুদ পেজেস্কিয়ন, আবুধাবিৰ যুৱৰাজ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহয়ান আৰু ইথিওপিয়াৰ প্রধানমন্ত্রী আবি মহম্মদ আলী সন্মিলনত উপস্থিত থাকিব। ব্রাজিলৰ বিদেশ মন্ত্রী মাউৰু ভিয়েইৰা আৰু চৌদি আৰৱৰ বিদেশ মন্ত্রী প্রিন্স ফেইজাল বিন ফৰহান অল চৌদে দেশ দুখনক সম্মিলনত প্রতিনিধিত্ব কৰিব। মালয়েছিয়াৰ প্রধানমন্ত্রী আনোৱাৰ ইব্রাহিম আৰু ভিয়েটনামৰ প্রধানমন্ত্রী লে মিনহ হংগেও সন্মিলনত অংশ ল’ব। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টানিঅ গুটেৰেছ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান ড০ টেড্ৰোছ অঘানম ঘেব্রেয়ছছ আৰু নিউ ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ দিলমা কছেফ সহ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববীয়েও সম্মিলনত ভাগ লোৱাৰ কথা। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী সম্মিলনৰ আপাহতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। সন্মিলনত অংশ গ্রহণ কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ব্রাজিলৰ বিদেশ মন্ত্রী যোৱা নিশা দিল্লীত উপস্থিত হয়। দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি আজি পুৱা নতুন উপস্থিত হ’ব। ইৰাণ, ইণ্ডোনেছিয়া, ইজিপ্ত, ফিলিপাইনছ আৰু বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি, আবুধাবিৰ যুৱৰাজ তথা মালয়েছিয়া আৰু ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীয়েও সম্মিলনত অংশগ্ৰহণ কৰাৰ বাবে আজি নতুন দিল্লীত উপস্থিত হোৱাৰ কথা। প্রধানমন্ত্রী মোদী সন্মিলনৰ আপাহতে এলানি দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
Assamese | September 11, 2026 10:24 AM | BRICS Summit
নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলন