September 11, 2026 10:24 AM
14
নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলন
আৰম্ভ হ'ব। এই দুদিনীয়া সম্মিলনৰ বাবে প্রস্তুতি অন্তিম পর্যায়ত উপনীত হৈছে। এই সন্মিলনত ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰব, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট ইউ এ ই-সহ ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অর্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীর্ষ সম্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাবন সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰাম...