September 8, 2026 8:14 PM | BRICS Summit

printer

ব্রিকছ শীর্ষ সন্মিলনত কেইবাখনো দেশৰ নেতৃবৰ্গৰে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্রধানমন্ত্রী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১২ আৰু ১৩ ছেপ্তেম্বৰত নতুন দিল্লীত হ’বলগীয়া ব্রিকছ শীর্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণৰীৰ জয়ছৱালে এই কথা সদৰি কৰে। তেওঁ কয় যে এই দ্বিপাক্ষিক আলোচনাত ৰাছিয়া ইউক্রেইনৰ সংঘৰ্ষকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিব।

ৰাছিয়া-ইউক্রেইন সংঘর্ষ সন্দৰ্ভত মুখপাত্ৰ গৰাকীয়ে কয় যে ভাৰতে দুয়োপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু এই সংঘৰ্ষৰ অৱসান ঘটাব পৰা পৰামৰ্শ-অৱধাৰণাক লৈ কাম কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে অলপতে ইউক্রেইন আৰু পোলেও ভ্রমণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে বর্তমান যুদ্ধৰ সময় নহয় আৰু যুদ্ধক্ষেত্ৰৰ পৰা কোনো সমস্যাৰ সমাধান নোলায় বুলি নিৰন্তৰ স্থিতি গ্ৰহণ কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অন্তহীন যুদ্ধৰ পৰিৱৰ্তে যুদ্ধৰ অৱসান হ’ব লাগে বুলি মন্তব্য কৰা বুলিও তেওঁ উল্লেখ কৰে।

নেপালৰ আকস্মিক বান সন্দৰ্ভত শ্রীজয়ছৱালে কয় যে ভাৰতে নেপালৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে। তেওঁ কয় যে ভাৰতে এই বিবধ্বংসী বানৰ পাছতে দেশখনলৈ ততালিকে সাহায্য প্ৰেৰণ কৰিছে আৰু সাহায্য, উদ্ধাৰ আৰু পুনৰনিৰ্মাণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়াই যাব। শ্রীজয়ছৱালে কয় যে বর্তমানলৈকে চুবুৰীয়া ৰাষ্ট্ৰখনলৈ সাতখন বিমানেৰে ৯৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু শীঘ্রেই দেশখনলৈ পুনৰ সামগ্ৰী প্ৰেৰণ কৰা হ’ব।

শ্রীজয়ছৱালে কয় যে ভাৰত আৰু চীনৰ সম্পর্ক ক্রমান্বয়ে সঠিক দিশত আগবাঢ়িছে। তেওঁ কয় যে সম্পর্ক স্বাভাবিক হোৱা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পর্ক বৃদ্ধি হোৱাটো অতিকে গুৰুত্বপূর্ণ।

অৰুণাচল প্ৰদেশৰ বাচা আৰু চীনৰ ফালে ডমাইত যোৱা দেওবাৰে অনুষ্ঠিত জ্যেষ্ঠ সামৰিক কমাণ্ডাৰ পৰ্যায়ৰ প্রথমখন ফ্রেগ বৈঠক সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্রীজয়ছৱালে কয় যে পশ্চিম খণ্ডতো অনুৰূপ ব্যবস্থা আছে। তেওঁ কয় যে ২০২৫ চনৰ আগষ্ট আৰু যোৱা আগষ্টত ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধিৰ মাজৰ আৰু পৰামৰ্শ তথা সহযোগিতা কাৰ্যব্যৱস্থাৰ বৈঠকৰ সিদ্ধান্ত মর্মে কমাণ্ডাৰ পৰ্যায়ৰ এই আলোচনাৰ আয়োজন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।