September 11, 2026 11:22 AM | Logo Launched

printer

গুৱাহাটীত প্রথম বাৰৰ বাবে হ’বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ল’গ’ উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি কিম্বদন্তী ক্রিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত গুৱাহাটীত প্রথম বাৰৰ বাবে হ’বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ল’গ’ উন্মোচন কৰে। বিশ্বৰ পৰ্যটন আৰু ক্রীড়াৰ মানচিত্ৰত গুৱাহাটীক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা বছৰ ৭ ফেব্ৰুৱাৰীত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় মাৰাথনত দেশ-বিদেশৰ ১২ হাজাৰৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰিব। এই উপলক্ষে ড০ শর্মাই কয় যে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ কথা। এই মাৰাথনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়াক্ষেত্ৰত অসম তথা গুৱাহাটী উল্লেখনীয় উত্তৰণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভবিষ্যতে বছৰি হ’বলগীয়া এই প্রতিযোগিতাই জনসাধাৰণক সুস্থ জীৱনশৈলীৰ প্রতি আকৰ্ষিত কৰিব, ক্রীড়া প্রতিভাক উৎসাহিত কৰিব আৰু ৰাজ্যত নতুন সম্ভাৱনা-সুযোগৰ দুৱাৰ মুকলি কৰিব। লাগ উদ্বোধনৰ পাছত কিম্বদন্তী ক্রিকেটাৰ সুনীল গাভাস্কাৰে এখন সংবাদ মেলত দৌৰ মাজেৰে সংহতি, সমন্বয়ৰ সৃষ্টি হয় বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা ক্ৰীড়া, পর্যটন আৰু সংস্কৃতিৰ অপূর্ব মিল হয় বুলিও তেওঁ দাবী কৰে। তেওঁ লগতে এনে মাধ্যমেৰে অসমক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্রশংসা কৰে।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ উদ্বোধনী সংস্কৰণত মুঠ পাঁচটা শাখাত প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্রতিযোগিতাখনত ৪২.১৯৫ কিলোমিটাৰৰ সম্পূৰ্ণ মাৰাথনৰ উপৰি ২১.০৯৭ কিলোমিটাৰৰ হাফ মাৰাথন, ১০ কিলোমিটাৰ দৌৰ, ৫ কিলোমিটাৰ দৌৰ আৰু ১.৫ কিলোমিটাৰৰ বিনোদনমূলক দৌৰ অনুষ্ঠিত হ’ব। এই মাৰাথনৰ বাবে আজি পঞ্জীয়ন আৰম্ভ হ’ব। আগ্রহীসকলে প্রতিযোগিতাৰ ৱেবছাইট www.guwahatiinternationmarathon.org যোগে নাম পঞ্জীয়ন কৰিব পাৰিব। মাৰাথন জজ খেলপথাৰত আৰম্ভ হৈ কামাখ্যা, গুৱাহাটী বিশ্ববিদ্যালয় হৈ নবনির্মিত কুমাৰ ভাস্কৰ বাৰ্মা সেতুৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ আই আই টিলৈ গৈ পুনৰ একেটা পথেৰে জজ খেলপথাৰলৈ উভতি আহিব।