September 11, 2026 11:22 AM

views 9

গুৱাহাটীত প্রথম বাৰৰ বাবে হ’বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ল’গ’ উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি কিম্বদন্তী ক্রিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত গুৱাহাটীত প্রথম বাৰৰ বাবে হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ল'গ' উন্মোচন কৰে। বিশ্বৰ পৰ্যটন আৰু ক্রীড়াৰ মানচিত্ৰত গুৱাহাটীক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা বছৰ ৭ ফেব্ৰুৱাৰীত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় মাৰাথনত দেশ-বিদেশৰ ১২ হাজাৰৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰিব। এই উপলক্ষে ড০ শর্মাই কয় যে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ কথা। এই মাৰাথনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্র...