September 11, 2026 10:38 AM | Donald Trump

printer

কর্মসংস্থাপনভিত্তিক ভিছা ধাৰকক ৬০ দিনীয়া ৰেহাইৰ সময়সীমা প্রত্যাহাৰৰ প্ৰস্তাৱ আমেৰিকাৰ

আমেৰিকাৰ ট্রাম্প প্রশাসনে চাকৰি হেৰুওৱাৰ পাছত এইচ-ৱান বি আৰু অন্যান্য কর্মসংস্থাপনভিত্তিক ভিছা ধাৰকসকলক আমেৰিকাত থাকিবলৈ দিয়া ৬০ দিনীয়া ৰেহাইৰ সময়সীমা প্রত্যাহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে নতুন নিয়োগকর্তা বিচাৰিবলৈ বা প্রব্রজন বিকল্প গ্রহণ কৰিবলৈ থকা সময়সীমা যথেষ্ট সংকুচিত কৰিব।

ৰাষ্ট্ৰীয় গৃহ নিৰাপত্তা বিভাগৰ এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে ই-ৱান, ই-টু, এইচ-ৱান বি, এল-ৱান, অ’-ৱান আৰু টি-এন ভিছা শ্ৰেণীৰ অন্তৰ্গত লোকসকলৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য হ’ব। ইয়াৰ ফলত চাকৰি বা যোগ্য কার্যকলাপ শেষ হোৱাৰ লগে লগে এইসকল লোকে আমেৰিকা ত্যাগ কৰিব লাগিব। পুৰণি নীতি অনুসৰি নিয়োগকৰ্তাৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে দেশ এৰি যোৱাৰ নিয়মকে পুনৰ বাহাল কৰাৰ উদ্দেশ্যে এই প্রস্তাৱ লোৱা হৈছে বুলি বিভাগে প্রকাশ কৰিছে।