কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনলৈ লিখা এখন পত্রত কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাটিলে কয় যে মন্ত্রালয়ে উজনি অসমৰ শেহতীয়া বান আৰু এই বিপর্যয়ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দাবী সন্দৰ্ভত যোৱা ৪ আগষ্টত লোকসভাত ধুবুৰীৰ সাংসদগৰাকীয়ে উত্থাপন কৰা বিষয়টো পৰীক্ষা কৰিছে। বিৰোধী পক্ষই শেহতীয়া বানক মানবসৃষ্ট বুলি আগবঢ়োৱা যুক্তি খণ্ডন কৰি শ্রীপাটিলে কয় যে ৰাজ্য চৰকাৰে অসমৰ লগতে অৰুণাচল প্রদেশ আৰু নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জুলাই মাহত উজনি অসমত ভয়াবহ বানৰ কবলত পৰা বুলি অৱগত কৰিছে। এই সময়ছোৱাত ডাৱৰ বিস্ফোৰণ ঘটা নাই বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অৱগত কৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। জলশক্তি মন্ত্রালয়ে লগতে বান ব্যৱস্থাপনা আৰু খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ বাবে অসমলৈ আগবঢ়োৱা বিত্তীয় সাহায্যৰ সবিশেষ প্রকাশ কৰিছে। মন্ত্রালয়ে প্রকাশ কৰা মতে বিগত পাঁচ বছৰত বান ব্যৱস্থাপনা খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ বাবে অসম চৰকালী ৩৪২ কোটি ৬৩ লাখ টকাৰ কেন্দ্রীয় সাহায্য মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ পৰিষদে এই সমছোৱাত বান ব্যবস্থাপনা আৰু খনহীয়া প্ৰতিৰোধী কাম কাজৰ বাবদ ১০৯ কোটি ১০ লাখ টকা ব্যয় কৰিছে। জল শক্তি মন্ত্রালয়ে লগতে বান ব্যবস্থাপনা আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহ মূলতঃ ৰাজ্য চৰকাৰে প্ৰস্তুত আৰু ৰূপায়ণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অকল প্রযুক্তিগত দিশ নির্দেশনা আৰু বিত্তীয় সাহায্যহে আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাপ্রাপ্ত বান ব্যৱস্থাপনা আৰু সীমান্ত এলেকা কাৰ্যসূচীৰ অধীনত গুৰুত্বপূৰ্ণ এলেকাৰ বান ব্যৱস্থাপনাৰ বাবে সাহায্য যোগান ধৰা হয় বুলিও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। উত্তৰ-পূব পৰিষদৰ বান ব্যৱস্থাপনা, খহনীয়া নিয়ন্ত্ৰণ আৰু নৈৰ পাৰৰ সুৰক্ষা সম্পৰ্কীয় আঁচনিৰ অধীনত অসমৰ ছটা প্ৰকল্পৰ বাবে আনুমানিক ৩৩ কোটি ৪০ লাখ টকা যোগান ধৰা হৈছে বুলি জল শক্তি মন্ত্রালয়ে প্রকাশ কৰিছে। মন্ত্রালয়ে প্রকাশ কৰে যে ব্ৰহ্মপুত্ৰ পৰিষদে ইয়াৰ উপনৈ ভোগদৈ, জাঁজী আৰু ধনশিৰিৰ বাবে সুকীয়া পৰিকল্পনা যুগুত কৰিছে। অসমৰ বানৰ আগলি বতৰা প্ৰদান আন্তঃগাঁথনিৰ বিষয়ে আলোকপাত কৰি মন্ত্রালয়ে কয় যে ৰাজ্যখনত ৩২টা বান আগলি বতৰা প্রদান কেন্দ্র আছে।
Assamese | September 11, 2026 10:56 AM | Ministry of Jal Shakti
অসমৰ শেহতীয়া বানক মানবসৃষ্ট বুলি আগবঢ়োৱা যুক্তি খণ্ডন জল শক্তি মন্ত্ৰালয়ৰ