কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ উপত্যকা অঞ্চলত লুপ্তপ্রায় চৰাইৰ প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে, বালিচৰত বাহ সাজি থকা পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ কাৰ্যকৰী সমিতিৰ ৬৮ সংখ্যক বৈঠকতে এই প্রকল্পত অনুমোদন জনোৱা হয়। নমামি গংগে অভিযান দ্বিতীয়ৰ সৈতে সংগতি ৰাখি এই প্রকল্পই দীর্ঘম্যাদি নিৰীক্ষণ ব্যৱস্থা, সামুহিক অংশগ্রহণ আৰু প্ৰমাণ আধাৰিত সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ৰাষ্ট্ৰীয় স্বচ্ছা গংগা অভিযানৰ সঞ্চালক প্রধান ৰাজীৱ কুমাৰ মিটালে আজিৰ বৈঠকত অধ্যক্ষতা কৰে।
Assamese | December 29, 2025 8:16 PM | Central Govt.
পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ