সংহত পৰিবহন আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই সংহত পৰিবহন আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ দ্বাৰা সমগ্ৰ পৰিবহন আৰু সৰবৰাহ খণ্ডত গৱেষণা, পৰিকল্পনা, মূল্যায়ন আৰু নিৰীক্ষণ শক্তিশালী হ’ব। তেওঁ লগতে কয় যে এই প্ৰাধিকৰণে দেশত সংহত পৰিবহন আৰু সৰবৰাহ পৰিকল্পনাৰ বাবে শীৰ্ষ সংস্থা হিচাপে কাম কৰে।

দেশৰ জিডিপি প্রায় ৭ৰ পৰা ৮ শতাংশ হাৰত বৃদ্ধি পোৱাৰ লগে লগে সৰবৰাহৰ চাহিদাও ক্রমাগতভাৱে বৃদ্ধি পাইছে। এই ক্রমবর্ধমান চাহিদা পূৰণৰ বাবে সমগ্ৰ দেশতে কেইবাটাও ঘাইপথ, ৰে’লপথ, জলপথ, বিমান বন্দৰ আৰু নতুন বন্দৰ গঢ়ি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্রীসভাই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত বিনিয়োগৰ বাবে ১০ হাজাৰ কোটি টকাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বৃদ্ধি পুঁজি স্থাপনৰ বাবেও অনুমোদন জনাইছে। শ্রীবৈষ্ণৱে কয় যে এই পুঁজিয়ে ব্যৱসায়িক কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই উদ্যোগসমূহক মূলধন প্রদান কৰিব। ইয়াৰ উপৰি এই পুঁজিয়ে সেৱা, প্রযুক্তি, উদ্ভাৱন আৰু কৌশলগত শৃংখলৰ উদ্যোগসমূহক সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।