মাদকদ্রব্য নিয়ন্ত্রণ সংস্থা, এন চি বিয়ে ২৭খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু ১৯খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে মাদক দ্রব্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু অপব্যৱহাৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এন চি বিয়ে যোৱা মাহত ২০২৬ৰ পৰা ২০২৯ বৰ্ষৰ ভিতৰত মাদক দ্রব্য নিয়ন্ত্রণ ভৱিষ্য নথি মুকলি কৰিছে। আমাৰ দেশে ম্যানমাৰ, নেপাল, থাইলেণ্ড, শ্রীলংকা, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহৰ সৈতে সময়ে সময়ে সঞ্চালক প্রধান পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি আহিছে বুলি শ্ৰীৰায়ে জানিবলৈ দিয়ে।
Assamese | July 21, 2026 8:05 PM | Central Govt.
চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি নিত্যানন্দ ৰায়ৰ প্ৰকাশ