কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মোকলাই দিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথমটো কিস্তি হিচাপে আবণ্টিত এই ধন ৰাজ্যখনৰ দুহেজাৰ ১৯২ খন গাঁও পঞ্চায়ত, ১৮২ খন আঞ্চলিক পঞ্চায়ত আৰু ২৭ খন জিলা পৰিষদলৈ মোকলাই দিয়া হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কালি সদৰি কৰে। উল্লেখযোগ্য যে প্রতিটো বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা বিত্তীয় আয়োগৰ ধনৰাশি দুটা কিস্তিত ৰাজ্যলৈ মোকলাই দিয়া হয়। এই একত্ৰিত ধনৰাশি ৰাজ্যৰ পঞ্চায়তীৰাজ প্রতিষ্ঠান তথা গ্রাম্য স্থানীয় নিকায়সমূহে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা বিষয়সমূহ নিষ্পত্তিৰ বাবে ব্যয় কৰিব। স্থানীয় নিকায়সমূহে সংবিধানৰ একাদশ অনুসুচীৰ অধীনত ২৯ টা দায়িত্ব নির্বাহৰ বাবে এই ধনসমূহ ব্যয় কৰিব।
Assamese | January 21, 2026 12:40 PM | Central Govt.
পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মুকলি কেন্দ্ৰীয় চৰকাৰৰ