October 16, 2026 1:04 PM | Central Govt.

printer

চৰকাৰে পৰৱৰ্তী পষেকৰ বাবে ইন্ধনৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’বলগীয়া সংশোধিত শুল্কৰ অধিসূচনা জাৰি

চৰকাৰে পৰৱৰ্তী পষেকৰ বাবে পেট্ট’ল, ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’বলগীয়া সংশোধিত শুল্কৰ অধিসূচনা জাৰি কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে কালি জাৰি কৰা এই অধিসূচনা অনুসৰি পেট্ৰ’লৰ ৰপ্তানিৰ ক্ষেত্ৰত শুল্কৰ হাৰ প্ৰতি লিটাৰত আঢ়ৈ টকা আৰু ডিজেলৰ ক্ষেত্ৰত চাৰে ৮ টকা হ’ব। একেদৰে বিমানৰ ইন্ধনৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতি লিটাৰত প্ৰযোজ্য চাৰে ১০ টকাৰ শুল্ক পূৰ্বৰ দৰে অব্যাহত থাকিব। অধিসূচনাখনত ঘৰুৱা চাহিদা পূৰণৰ বাবে উপলব্ধ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্কৰ হাৰত কোনোধৰণৰ সাল-সলনি কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে।