আদা খেতিৰে স্বাৱলম্বিতা অর্জন কৰা কাৰ্বি আংলংৰ খেতিয়ক জীতেন চাৰাংফাংচাইলৈ ২০২৫ বৰ্ষৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। প্ৰায় দুটা দশক ধৰি আদা খেতিৰ সৈতে জড়িত এই প্রগতিশীল কৃষকগৰাকীয়ে ডিফু মাঞ্জা পথত ক্ষুদ্র উদ্যোগ স্থাপন কৰি বহু লোকক কর্মসংস্থাপনৰ সুবিধা কৰি দিছে।
আদা খেতিৰ বাবে উপযোগী কাৰ্বি আংলং ভূমিৰ সুপ্রয়োগ কৰি কৃষকগৰাকীয়ে লাভ কৰা সফলতাৰ বাবে ৰাজ্য চৰকাৰে এই বঁটাৰ বাবে বাচনি কৰিছে। এই বঁটাৰ বাবে নিৰ্বাচিত হৈ সুখ অনুভৱ কৰিছে বুলি তেঁও প্ৰকাশ কৰে।
উল্লেখযোগ্য যে অসম চৰকাৰে কালি ঘষণা কৰা অনুসৰি বিশিষ্ট চিকিৎসক ডাঃ হৰ্ষ ভট্টচাৰ্যলৈ ২০২৫ বৰ্ষৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে। একেদৰে ৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক অসম গৌৰৱ বঁটাৰ বাবে বাচনি কৰা হৈছে।