September 24, 2026 3:46 PM
14
আমেৰিকা-চীনৰ ব্যৱসায়িক যুদ্ধৰ সাময়িক বুজাবুজিৰ ম্যাদ আৰু দুমাহলৈ বৃদ্ধি
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে দুয়োদেশৰ ব্যৱসায়িক যুদ্ধৰ সাময়িক বুজাবুজিৰ ম্যাদ আৰু দুমাহলৈ বৃদ্ধি কৰিছে। দুয়োপক্ষই ব্যাপক অর্থনৈতিক চুক্তিৰ হৈ কাম কৰাৰ পোষকতা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব স্কট বেচান্তে চুক্তিসমূহৰ বিষয়ে কয়, যে ইয়াৰ ম্যাদ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। প্ৰকৃত ব্যৱসায়িক চুক্তিখনৰ সময় অহা ১০ নৱেম্বৰত উকলি যোৱাৰ কথা আছিল। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে যোৱা বৰ্ষৰ অক্টোবৰত দক্ষিণ কোৰিয়াত এই চুক্তি সম্পাদিত কৰিছ...