শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা শাখাৰ সহযোগত আজিৰে পৰা তিনি দিনীয়াকৈ ২৬ সংখ্যক কেন্দ্রীয় অংকীয়া নাট সমাৰোহ অনুষ্ঠিত হৈছে।
ধেমাজি জিলা শাখাৰ নামঘৰ প্ৰাংগণত আয়োজিত এই নাট সমাৰোহত ৫৫ খন জিলা সমিতি তথা সংস্কৃতি উপ-সমিতিয়ে অংশ লৈছে।
মহাপুৰুষজনাৰ অমূল্য সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত ২৫ বছৰ ধৰি অংকীয়া নাট সমাৰোহৰ আয়োজন কৰি অহা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি আঁৰিয়া নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷