দিল্লীত অনুষ্ঠিত বিত্তীয় স্থিৰতা আৰু উন্নয়ন পৰিষদ এফ এছ ডি চিৰ ৩০ সংখ্যক বৈঠকত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত অনুষ্ঠিত বিত্তীয় স্থিৰতা আৰু উন্নয়ন পৰিষদ এফ এছ ডি চিৰ ৩০ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিছে।

উল্লেখযোগ্য যে এফ এছ ডি চিয়ে দেশীয় আৰু বিশ্বৰ প্ৰেক্ষাপটত সামগ্ৰিক বিত্তীয় পৰিস্থিতিৰ প্ৰাৰম্ভিক ধাৰাসমূহৰ বিষয়ে বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰে।

বিত্তীয় প্ৰক্ৰিয়াৰ স্থায়িত্বৰ হকে প্রয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিত্তীয় স্থায়িত্বৰ ক্ষেত্ৰত দেখা দিব পৰা প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰি এই পৰিষদে প্রয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰে।

আজিৰ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰম, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোট্টা, ইলেকট্রনিক আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণণ আৰু ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।