June 12, 2026 8:34 PM

views 29

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

January 11, 2026 11:10 AM

views 55

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্রাক বাজেট সমীক্ষা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন প্রাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মণিপুৰৰ ৰাজ্যপাল, গোৱা, হাৰিয়ানা, মেঘালয়, ছিকিম, দিল্লী আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী, অৰুণাচল প্ৰদেশ, মধ্যপ্রদেশ, ওড়িশা, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্ত আৰু অন্যমন্ত্ৰীসকলেও বৈঠকত ভাগ লয়। বিত্ত মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত বৈঠ...

January 7, 2026 10:08 PM

views 43

সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ’ খণ্ডন চৰকাৰৰ

চৰকাৰে সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ' খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসন্ধান গোটে এই ভিডিঅ'টোক এ-আইৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ' বুলি উল্লেখ কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে এনে কোনো আঁচনি প্ৰচাৰ কৰা নাই বুলি তথ্য অনুসন্ধান গোটে স্পষ্ট কৰি দিছে। পি আই বিয়ে নাগৰিকসকলক যিকোনো বিত্তীয় দাবী সদায় চৰকাৰী পোৰ্টেল অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৰে নিয়ামক প্ৰতিষ্ঠানৰ পৰা সত্যাসত্য নিৰূপণ কৰিবলৈ আহ্বান জনাইছে। চৰকাৰে লগতে জনসাধাৰণক যিকো...

December 6, 2025 2:54 PM

views 71

কেন্দ্ৰীয় চৰকাৰে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে কাম কৰি আছেঃ সীতাৰমণ

● কেন্দ্ৰীয় চৰকাৰে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে কাম কৰি আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদগোষ্ঠীৰ নেতৃত্ব সন্মিলনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণক উন্নয়নৰ বাবে আয়কৰৰ স্তৰসমূহ অধিক স্বচ্চ, সৰল আৰু সহজে মানি চলিব পৰা হ'ব লাগে। সীমা শুল্ক পৰিকাঠামোৰ আমূল পৰিবৰ্তন পৰৱৰ্তী বৃহৎ কাম বুলি মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে। শ্ৰীসীতাৰমণে কয়, যে চৰকাৰে বিগত দুটা বছৰত সীমা শুল্কসমূহ ক্ৰমাৎ হ্ৰাস কৰিছে আৰু সীমা শুল্ক ব্যৱস্থা সৰল কৰি তোলাৰ বাবে...

December 4, 2025 8:44 PM

views 83

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

November 20, 2025 4:00 PM

views 70

নৱম প্ৰাক্ বাজেট আলোচনাত বিশেষজ্ঞসকলৰ সৈতে মিলিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পর্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক্ বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্ব...

November 6, 2025 10:52 AM

views 80

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

● কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থ...

September 14, 2025 8:03 PM

views 82

উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ’ব বুলি  কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ প্ৰকাশ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে উৎসৱৰ বতৰ-দীপাৱলী, দুৰ্গাপূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে জি এছ টি দ্বিতীয় পর্যায় প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় উপকৃত হ'ব। চেন্নাইত আজি বাণিজ্য আৰু উদ্যোগ সন্থাৰ যৌথ সন্মিলনত ভাষণ দি তেঁও কয় যে প্রায় ৯৯ শতাংশ সামগ্ৰীৰ জি এছ টি ১২ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ২৮ শতাংশ জি এছ টি ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৮ বছৰ পূৰ্বে তেতিয়া এই কৰ প্ৰৱৰ্তন কৰা হৈছিল। তেত...

September 7, 2025 11:10 AM

views 117

জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ

সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মন্ত্রী সীতাৰমনে কয়, যে জি এছ টিৰ সংস্কাৰক সমগ্ৰ দেশৰ জনসাধাৰণে আদৰণি জনাইছে। যদিহে এই সংস্কাৰ জৰিয়তে কোনো লোক উপকৃত নহয়, তেন্তে তেওঁলোকক এই বিষয়ে জনাবলৈ বিত্তমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয়, যে জি এছ টিৰ সংস্কাৰৰ বাবে দীঘলীয়া কৰ্মসময় আৰু আমোলা পৰ্যায়ৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছে।

September 4, 2025 3:51 PM

views 28

জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছেঃ বিত্তমন্ত্ৰী

● জি এছ টি পৰিষদে জনসাধাৰণ, কৃষক আৰু কৃষি, স্বাস্থ্য খণ্ড, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি সামগ্ৰী আৰু সেৱা কৰৰ যুক্তিগত সংস্কাৰ সাধনত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাধাৰণ লোক আৰু মধ্যবিত্ত সামগ্ৰীসমূহৰ ওপৰত থকা জি এছ টিৰ পৰিমাণ পূৰ্বৰ ১৮ অথবা ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহৰ ক্ষেত্ৰত থকা ...