সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মন্ত্রী সীতাৰমনে কয়, যে জি এছ টিৰ সংস্কাৰক সমগ্ৰ দেশৰ জনসাধাৰণে আদৰণি জনাইছে। যদিহে এই সংস্কাৰ জৰিয়তে কোনো লোক উপকৃত নহয়, তেন্তে তেওঁলোকক এই বিষয়ে জনাবলৈ বিত্তমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয়, যে জি এছ টিৰ সংস্কাৰৰ বাবে দীঘলীয়া কৰ্মসময় আৰু আমোলা পৰ্যায়ৰ প্ৰচেষ্টাৰ প্ৰয়োজন আছে।
Assamese | September 7, 2025 11:10 AM | Finance Minister Nirmala Sitharaman
জি এছ টিৰ সংস্কাৰে নাগৰিকসকলক কিধৰণে উপকৃত কৰিব সেই বিষয়ে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব বুলি প্ৰকাশ