October 23, 2026 11:22 AM | Election

printer

অহা নৱেম্বৰ-ডিচেম্বৰত মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

অহা নৱেম্বৰ-ডিচেম্বৰত ৰাজ্যৰ দুখনকৈ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অসম ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত ৰঞ্জন শৰ্মাই জনোৱা অনুসৰি একেসময়তে মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। আসন্ন নিৰ্বাচনৰ বাবে ইতিমধ্যে

ৰাজ্যিক নির্বাচন আয়োগ সাজু হৈছে। ৰাজ্য চৰকাৰৰ পৰা নিৰ্দেশনা লাভ কৰাৰ পাছতে জিলা উপায়ুক্তৰ লগত আলোচনা কৰি দুই স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি শৰ্মাই লগতে কয়।

উল্লেখযোগ্য যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০ টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৬,৩৫,৬০১ গৰাকী। ছেপ্টেম্বৰ মাহত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি, ইয়াৰে ৩,১৭,৩৪৩ গৰাকী পুৰুষ তথা ৩,১৮,২৫৬ গৰাকী মহিলা। সমষ্টিসমূহত মুঠ ১,০৩৩ টা ভোটগ্রহণ কেন্দ্র আছে। ইফালে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২ টা সমষ্টিত মুঠ ১,৬৩,৯৬৬ গৰাকী ভোটাৰৰ ৭৯,২৯৫ গৰাকী পুৰুষ আৰু ৮৪,৬৬৭ গৰাকী মহিলা। এই পৰিষদৰ সমষ্টিসমূহত ৩৩৭ টা ভোটগ্রহণ কেন্দ্ৰ আছে।

ইফালে, বি টি চিৰ খালী হৈ থকা তিনিটা পৰিষদীয় সমষ্টি চিৰাং জিলাৰ কাজলগাঁও, তামুলপুৰ জিলাৰ দৰঙাজুলি আৰু ওদালগুৰী জিলাৰ ৰৌতাৰ উপ-নির্বাচনৰ বাবেও ৰাজ্যিক নির্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে। সেই অনুসৰি তিনিওটা সমষ্টিৰ খচৰা ভোটাৰ তালিকা অহা সাত নৱেম্বৰত আৰু চূড়ান্ত ভোটাৰ তালিকা ৩০ নৱেম্বৰত প্ৰকাশ কৰাৰ দিন ধাৰ্য কৰা হৈছে। ভোটাৰ তালিকাক লৈ দাবী আৰু আপত্তি দাখিলৰ অন্তিম দিন ২১ নৱেম্বৰ। বেলট পেপাৰযোগে হ’বলগা নিৰ্বাচনৰ দিন অচিৰেই ঘোষণা কৰা হ’ব বুলি আয়ুক্ত শৰ্মাই জনায়।