পুৰণি বিশ্ব ব্যৱস্থাই ন-ন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ অসমৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন বিশ্ব ব্যৱস্থাৰ উন্মেষ ঘটিছে আৰু এই ক্ষেত্ৰত ভাৰতে প্ৰধান ভূমিকা গ্ৰহণ কৰিব। কালি নতুন দিল্লীত অনুষ্ঠিত এখন শীর্ষ সন্মিলনত ব WORLD BETWEEN ORDERS শীৰ্ষক ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানমন্ত্ৰীয়ে লগতে এই নতুন বিশ্ব ব্যৱস্থাত মানৱ জাতিৰ সামূহিক কল্যাণৰ বাবে আহ্বান জনাই প্ৰযুক্তিৰ আগমনৰ লগে লগে নতুন শক্তি আৰু নতুন কণ্ঠৰ জন্ম হোৱা বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে বিশ্বক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতে নিজৰ শক্তি সামর্থ্যক শক্তিশালী কৰি আছে।
প্রধানমন্ত্রীয়ে বহুপক্ষীয় সংগঠনসমূহৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰকাশ কৰে। তেওঁ লগতে কয় যে গোলকীয় দক্ষিণৰ কণ্ঠই উপযুক্ত স্থান পোৱাৰ যোগ্য। শ্রীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেৱল ভাল সময়তেই নহয়, সংকটৰ সময়তো সক্ৰিয় হৈ থাকিব লাগে।
প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে ভাৰতে বিশ্বৰ প্ৰধান তিনিখন অৰ্থনীতিৰ অন্যতম দেশ হোৱাৰ বাবে কাম কৰি আহিছে আৰু গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। পাৱাৰ টু এম্পাৱাৰ মন্ত্ৰৰে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে এখন উন্নত বিশ্বৰ নিশ্চয়তা প্ৰদানৰ কথাও চিন্তা কৰা হৈছে।
তেওঁ কয় যে ভাৰত বৰ্তমান স্বনিৰ্ভৰশীলতাৰ দিশেৰে অগ্ৰসৰ হৈছে আৰু ই গোলকীয় যোগান শৃংখলক শক্তিশালী কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতে বর্তমান বিশ্বৰ সৈতে সন্মুখৰ দিশৰ পৰা সহযোগিতা আগবঢ়াইছে। ভাৰতে পৃথিৱীৰ আধাতকৈ অধিক গোলকীয় সামর্থ্য কেন্দ্ৰসমূহৰ মূল কেন্দ্ৰ হৈ পৰাৰ কথা উল্লেখ কৰি কয় যে এই কেন্দ্ৰসমূহৰ জৰিয়তে মৌলিক সহায়ক সেৱাৰ পৰা উন্নত কৃত্রিম বুদ্ধিমত্তা সেৱা, ক্লাউড কম্পিউটিং, অভিযান্ত্রিক, বিশ্লেষণাত্মক আৰু মানসম্পন্ন উন্নয়নক সমর্থন যোগাই আহিছে।