চৰকাৰে সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ’ খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসন্ধান গোটে এই ভিডিঅ’টোক এ-আইৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ’ বুলি উল্লেখ কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে এনে কোনো আঁচনি প্ৰচাৰ কৰা নাই বুলি তথ্য অনুসন্ধান গোটে স্পষ্ট কৰি দিছে। পি আই বিয়ে নাগৰিকসকলক যিকোনো বিত্তীয় দাবী সদায় চৰকাৰী পোৰ্টেল অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৰে নিয়ামক প্ৰতিষ্ঠানৰ পৰা সত্যাসত্য নিৰূপণ কৰিবলৈ আহ্বান জনাইছে। চৰকাৰে লগতে জনসাধাৰণক যিকোনো ধৰণৰ সন্দেহযুক্ত লিংক খোলাৰ পৰা বিৰত থাকিবলৈ আৰু বেংকৰ তথ্য অথবা অ’টিপি শ্বেয়াৰ নকৰিবলৈ আহ্বান জনাইছে।
Assamese | January 7, 2026 10:08 PM | Finance Minister Nirmala Sitharaman
সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ’ খণ্ডন চৰকাৰৰ