October 22, 2026 8:47 PM

views 4

‘‘ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰৱৰ্তন কৰাটো দেশৰ আইনী সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ’’ -উপৰাষ্ট্ৰপতি

ঔপনিৱেশিক যুগৰ ৩ খন ফৌজদাৰী আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰৱৰ্তন কৰাটো দেশৰ আইনী সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত সহযোগিতামূলক যুক্তৰাষ্ট্ৰ আৰু আইনী সংস্কাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক দৃষ্টিভংগী শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিসনখন উদ্বোদন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে আইনী গাঠনি সৰল আৰু আধুনিকীকৰণৰ লক্ষ্যৰে চৰকাৰে যোৱা ১২ বছৰত ১,৭০০ ৰো অধিক পুৰণি আৰু অপ্রয়োজনী...

October 22, 2026 8:39 PM

views 7

প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ নতুন দিল্লীত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন মুকলি কৰিব। ১৯৫১ চনত স্বামী চিন্ময়ানন্দই প্রতিষ্ঠান কৰা বিশ্বজোৰা অধ্যাত্মিক আন্দোলন চিন্ময় মিছনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বছৰজোৰা উদযাপনৰ সামৰণি কাৰ্যসূচী হিচাপে এই  ৩ দিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। Narendraপ্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত দেশ-বিদেশৰ ৯ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব। তামিলনাডুৰ চিন্ময় মিছনে প্ৰস্তুত কৰা ভাগৱত গীতাৰ তামিল অনুবাদ প্রধানমন্ত্ৰীয়ে উন্মোচন কৰা কাৰ্...

October 22, 2026 8:45 PM

views 4

চাফাই কৰ্মচাৰীসকলৰ বাবে থকা ৰাষ্ট্ৰীয় আয়োগৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ড০ বিৰেন্দ্ৰ কুমাৰৰ বৈঠক

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বিৰেন্দ্ৰ কুমাৰে আজি চাফাই কৰ্মচাৰীসকলৰ বাবে থকা ৰাষ্ট্ৰীয় আয়োগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত অনাময় কৰ্মীসকলৰ কল্যাণ, পুনৰ সংস্থাপন, সুৰক্ষা আৰু সৱলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বৈঠকত ড০ কুমাৰে অনাময় কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ লগতে সুৰক্ষিতভাৱে কামকৰাৰ অভ্যাস গঢ়ি তোলাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ প্রয়োজনত গুৰুত্ব আৰোপ কৰে।

October 22, 2026 8:31 PM

views 6

এছিয়ান পেৰা গেমছত ভাৰতৰ আকর্ষণীয় প্রদর্শন অব্যাহত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে আকর্ষণীয় প্রদর্শন অব্যাহত ৰাখিছে। আজি দেশখনে ৭টা সোণ, ৪ টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জকে ধৰি ২৬ টা পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ পদকৰ সংখ্যা ১৯ সোণ, ২৬ ৰূপ আৰু ৪১ ব্ৰঞ্জকে ধৰি ৮৬ লৈ বৃদ্ধি পাইছে। বৰ্তমান পদকৰ সংখ্যাত 4 নম্বৰ স্থানত আছে ভাৰত। পুৰুষৰ হাই জাম্প টি ৬৩ ইভেণ্টত ভাৰতৰ শৈলেশ কুমাৰে সোণ, বৰুণ ভাটীয়ে ৰূপ আৰু ৰাহুলে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ টি৪৪/টি৬২/টি৬৪ লং জাম্পৰ যুটীয়া প্রতিযোগিতাত এছিয়ান অভিলেখ ভংগ কৰি ধৰ্মৰাজ সোলাইৰাজে এছিয়ান ...

October 22, 2026 8:26 PM

views 4

দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বিজয়া দশমীৰ দিনটোত নাওখেল প্রতিযোগিতা অনুষ্ঠিত

দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বিজয়া দশমীৰ দিনটোত নাওখেল প্রতিযোগিতা অনুষ্ঠিত হয়। কলহি নৈত অনুষ্ঠিত নাওখেলত ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। কুকুৰমাৰা আঞ্চলিক সার্বজনীন দুর্গা পূজা সমিতিয়ে আয়োজন কৰা এই প্রতিযোগিতাত ২ নম্বৰ জিয়াকুৰৰ ঈশ্বৰপুত্ৰ নাৱৰীয়া দলে খিতাপ অৰ্জন কৰে। জাৰপাৰা ৰাইজৰ আশীৰ্বাদ নাও দলে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ছমৰীয়াৰ মামা ভাগিন নাৱৰীয়া দলে তৃতীয় স্থান অধিকাৰ কৰে। মামা ভাগিন নাৱৰীয়া দলৰ মজিবুৰ ৰহমানে শ্ৰেষ্ঠ গুৰিয়ালৰ খিতাপ লাভ কৰে।

October 22, 2026 8:49 PM

views 8

পূজ্য মাতা চাহিব হাচি দেৱী জীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে ২০০ টকীয়া মুদ্ৰা মুকলি ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি চত্তিশগড়ৰ ৰায়পুৰৰ লোকভৱনত পূজ্য মাতা চাহিব হাচি দেৱী জীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে এটি ২০০ টকীয়া মুদ্ৰা মুকলি কৰে। এই অনুষ্ঠানত ভিন ভিন সম্প্ৰদায়ৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। পূজ্য মাতা চাহিব হাচি দেৱী জী সিন্ধি সম্প্ৰদায়ৰ পৱিত্ৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰৰূপে খ্যাত ঐতিহাসিক ছাদানি দৰবাৰৰ পঞ্চমগৰাকী মুৰব্বী আছিল। এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে নুৱাখাই উৎসৱৰ অংশৰূপে ৰায়পুৰৰ চৰ্দাৰ বলবীৰ সিং জুনেজা ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত সেৱা সন্মা...

October 22, 2026 5:58 PM

views 9

শাৰদীয় দুর্গা পূজাৰ অন্ত পৰে যদিও ৰাজ্যৰ বিভিন্ন স্থানত দেৱীৰ প্ৰতিমা বিসর্জন প্ৰক্ৰিয়া অব্যাহত

শাৰদীয় দুর্গা পূজাৰ অন্ত পৰে যদিও ৰাজ্যৰ বিভিন্ন স্থানত দেৱীৰ প্ৰতিমা বিসর্জন প্ৰক্ৰিয়া আজিও অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ পাণ্ডু ঘাটত দুৰ্গাৰ বিসৰ্জন প্ৰক্ৰিয়া আজি বিয়লিৰ পৰা পুনৰ আৰম্ভ হৈছে। পুৱাৰ ভাগৰ পৰা বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও পুজা সমিতিসমূহে আজি বিয়লিৰ ভাগৰ পৰাহে বিসৰ্জনৰ বাবে পাণ্ডু ঘাটলৈ আহে। সেই অনুসৰি পাণ্ডু ঘাটত বিসৰ্জন প্রক্রিয়া বর্তমান পূর্ণ গতিত চলি আছে। আজি নিশা পর্যন্ত ৪০ খন প্রতিমা পাণ্ডু ঘাটত বিসর্জন দিয়া হ'ব। পাণ্ডু বিসর্জন সমিতিৰ বিষয়ববীয়াই বিসৰ্জন প্...

October 22, 2026 6:36 PM

views 10

দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যুৰ লগতে ১০৫ জন আহত

দুৰ্গা পূজাৰ সময়ছোৱাত যোৱা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০৫ জন আহত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎ‍সালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত পথ দুৰ্ঘটনাত আহত ১১৪জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰে ৯জনৰ মৃত্যু হয়।

October 22, 2026 5:50 PM

views 8

টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৪ উইকেটত জয়লাভ

নিউজিলেণ্ডৰ বিৰুদ্ধে আজি ক্রাইষ্টচাৰ্চৰ হেগলী অভেলত অনুষ্ঠিত টি -২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৪ উইকেটত জয়লাভ কৰিছে। ৰোমাঞ্চকৰ খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২২৬ ৰাণ ভাৰতীয় দলটোৱে দুটা বল বাকী থকা অৱস্থাত ছটা উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়। ভাৰতৰ হৈ বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে সঞ্জু চেমচনে ৩৩ টা বলত ৬৭, অধিনায়ক শ্রেয়াছ আয়াৰে ২৮ টা বলত ৪২, অভিষেক শর্মাই ১২ টা বলত ২৯ আৰু অক্ষৰ পেটেলে ১৪ টা বলত ২৪ ৰাণ কৰি আউট হলেও নমন ধীৰে ১৫ টা বলত ৪২ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে টছত হাৰি প্ৰথমে ...

October 22, 2026 5:30 PM

views 7

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এ বি এলৰ স্বীকৃতি লাভ

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে NATIONAL ACCREDITATION BOARD FOR TESTING AND CALIBRATION LABORATORIES এ বি এলৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ফলত চিকিৎসালয়খনত এতিয়াৰে পৰা মাইক্ৰ' বায়োলজী, পেথ'লজী আদিৰ পৰীক্ষাসমূহ সুকলমে সম্পন্ন কৰিব পৰা যাব। বিত্ত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এয়া নিতান্তই সুখবৰ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ নিৰন্তৰ বিকাশ ঘ...