July 8, 2026 1:59 PM

views 10

“১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব”- বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে ৷ ইপিনে, ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ...

July 8, 2026 1:35 PM

views 9

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে। ৭৮ মিনিটলৈকে আর্জেণ্টিনাই দুটা গ'ল পিছ পৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ ৭৯ মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰ...

July 7, 2026 8:25 PM

views 5

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ দিশত মন্ত্ৰালয়ে গ্রহণ কৰা সামগ্রিক দৃষ্টিভংগীৰ শলাগ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিয়ে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ সময়সীমাবদ্ধ অনুমোদন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত...

July 7, 2026 8:20 PM

views 4

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে সুস্থ, সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রী একেলগে ওলাই অহা কার্য অতি প্রশংসনীয়। তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰৱ্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণণে লগতে দেশৰ...

July 7, 2026 8:18 PM

views 6

এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি দিল্লীত এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি কৰে। অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে দিল্লীৰ পৰিবেশ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে দিল্লী চৰকাৰে ৫ হাজাৰ হেক্টৰ ভূমি বনভূমি হিচাপে ঘোষণা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে পৰৱৰ্তী ৪ বছৰত ৬,৩০০ হেক্টৰ সেউজীয়া উচ্চ ভূমি অঞ্চলক বনভূমি হিচাপে গঢ়ি তুলিব। মন্ত্ৰীগৰাকীয়ে যমুনা নৈৰ পৰিস্কৰণৰ কাম চৰকাৰে অব্যাহত ৰাখিছে ...

July 7, 2026 8:17 PM

views 5

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত ২টা বিস্ফোৰণত ৪গৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত আজি বিয়লি হোৱা দুটা বিস্ফোৰণত চাৰিগৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ অল-ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূর্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী চহৰত উপস্থিত হয়। যুদ্ধবিধবস্ত দেশখনত পূৰ্বৰ মুৰব্বী বাছাৰ অল-আছাদ কাৰ্যকালৰ অৱসানৰ পাছৰে পৰা এয়া হৈছে ইউৰোপীয় সংঘৰ নেতাৰ প্ৰথম ভ্রমণ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' থকা হোটেলখনৰ সমীপতে এই বিস...

July 7, 2026 7:32 PM

views 7

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ ২০টা আত্মসহায়ক গোট আৰু ৩০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক আর্থিক অনুদান বিতৰণ কৰা হয়। আর্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত ক...

July 7, 2026 7:24 PM

views 7

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এখন সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, যে দুমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব। অহা ১৫ ছেপ্তেম্বৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে পুনৰ যাতায়াত আৰম্ভ হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

July 7, 2026 7:22 PM

views 5

২০২৫বৰ্ষত মাদক দ্রব্য সম্পর্কিত গোচৰত ৪,৯০১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্রকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল’লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ ব...

July 7, 2026 6:46 PM

views 5

ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত তেওঁ বৈদেশিক সম্পর্ক পর্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক গতি প্ৰদান কৰা বিষয়তো আলোকপাত কৰে। দুয়ো দেশৰ নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদানৰো সাক্ষী হৈ ৰয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ২০১৮ চনত স্থাপন হোৱা ভাৰত আৰু ইন্দোনেছিয়াৰ মাজৰ ব্যা...