৩ দিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া দিল্লীত উপস্থিত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক

পোলেণ্ডৰ প্ৰধানমন্ত্ৰী টাস্ক তিনিদিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে দেশখনৰ বিত্ত আৰু অৰ্থনীতি মন্ত্ৰী এন্ড্রেজ ড’মানস্কিৰ লগতে ভালেসংখ্যক ব্যৱসায় প্রতিনিধি ভাৰতলৈ আহিছে।

পোলেণ্ডৰ প্ৰধানমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হৈছে টাস্কৰ দ্বিতীয়টো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১০ চনত পোলেণ্ডৰ প্রধানমন্ত্ৰীগৰাকী ভাৰতলৈ আহিছিল। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি পুৱা শ্ৰীটাস্কক সাক্ষাৎ কৰে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে ভাৰত-পোলেণ্ড সহযোগিতা সুদৃঢ় কৰা সন্দৰ্ভত প্রধানমন্ত্ৰীগৰাকীৰ মনোভাৱৰ শলাগ লয়। পোলেণ্ডৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এই ভ্ৰমণকালত তেওঁ বেংগালুৰুলৈ যাব আৰু তথ্য, প্রযুক্তি আৰু মহাকাশ খণ্ডৰ ভালেসংখ্যক ব্যৱসায় অংশীদাৰৰ সৈতে মিলিত হ’ব।

এই ভ্রমণে ভাৰত-পোলেও কৌশলগত অংশীদাত্বিক অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদানৰ লগতে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, উন্নত প্রযুক্তি, নবীকৰণযোগ্য শক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি পাৰস্পৰিক স্বার্থসম্বলিত ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।