প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পর্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত মত-বিনিময় কৰে।
আজি এখন যুটীয়া সংবাদমেলত প্রধানমন্ত্রী মোদীয়ে কয় যে বিশ্ব সম্প্ৰতি অনিশ্চয়তা আৰু ৰূপান্তৰৰ সময়ৰ মাজেৰে পাৰ হৈছে আৰু এই প্ৰত্যাহ্বানসমূহ সত্বেও ভাৰত আৰু পোলেও বিকাশ, প্রযুক্তি আৰু উদ্ভাৱনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে।
তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই বৰ্তমান প্ৰতিৰক্ষা, মহাকাশ আৰু পাৰমাণবিক শক্তিৰ ক্ষেত্ৰত সম্পর্ক সুদৃঢ় কৰাৰ বাবে চুক্তিত উপনীত হৈছে। শ্রীমোদীয়ে পোলেণ্ডৰ কোম্পানীসমূহক সকলোবোৰ কৌশলগত খণ্ডত ভাৰতৰ সৈতে সহবিকাশ আৰু সহ উৎপাদনত সহযোগিতা আগবঢ়াবলৈ আমন্ত্রণ জনায়।